পেহেলগামত নিহতসকলৰ প্ৰতি শ্ৰদ্ধা জনাই মাজুলীত জুবিন গাৰ্গৰ সংগীতানুষ্ঠান বাতিল

Apr 23, 2025 - 23:26
Apr 25, 2025 - 02:27
 0  2
পেহেলগামত নিহতসকলৰ প্ৰতি শ্ৰদ্ধা জনাই মাজুলীত জুবিন গাৰ্গৰ সংগীতানুষ্ঠান বাতিল

হাৰ্টথ্ৰব জুবিন গাৰ্গে পেহেলগামৰ বৰ্বৰ ঘটনাৰ বাবে বুধবাৰে মাজুলীত অনুস্থিত হোৱা সংগীতানুষ্ঠান বাতিল কৰিলে আৰু পেহেলগামৰ ঘটনাক তীব্ৰ গৰিহণা দিছে। সামাজিক মাধ্যমযোগে এই কথা প্ৰ্কাশ কৰিছে কণ্ঠশিল্পীগৰাকীয়ে। পৰৱৰ্তী সময়ত তেওঁ‌ মাজুলীত সংগীতানুষ্ঠান পৰিৱেশন কৰিব বুলিও উল্লেখ কৰে।

          উল্লেখযোগ্য যে, পেহেলগামত সংঘটিত হোৱা ঘটনাত নিহতসকলৰ প্ৰতি শ্ৰদ্ধা জনাই বুধবাৰে মাজুলীৰ নতুন বজাৰত অনুষ্ঠিত হ’ব লগা বিহুৰ অনুষ্ঠান বাতিল কৰে আয়োজকসকলে আৰু উক্ত মঞ্চত উদ্যোক্তাসকলে নিহতসকলৰ প্ৰতি শ্ৰদ্ধ জনাই শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত কৰে।

          অন্যহাতে অহা ৪ মে'ত এই অনুস্থানটো পুনৰ অনুষ্ঠিত কৰা হ'ব বুলি আয়োজক সমিতিয়ে জানিবলৈ দিয়ে।

What's Your Reaction?

like

dislike

love

funny

angry

sad

wow

Nilabh Das Journalist