প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক দিল্লীৰ চৰকাৰী বাসভৱনত সাক্ষাৎ মূখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ

দেশৰ ৰাজধানী নতুন দিল্লীত ১৯ এপ্ৰিল অৰ্থাৎ শনিবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক সাক্ষাৎ কৰে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।
সুধাকন্ঠ ভাৰত ৰত্ন ড° ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উদযাপন কাৰ্যসূচীৰ ৮ ছেপ্টেম্বৰত অনুষ্ঠিত হ'ব। উদ্বোধনী অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থকাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক আমন্ত্ৰণ জনাই মুখ্যমন্ত্ৰীগৰাকীয়ে। প্ৰধানমন্ত্ৰীগৰাকীৰ চৰকাৰী বাসভৱনত উপস্থিত হৈ মুখ্যমন্ত্ৰী ড০ শৰ্মাই পোনতে ৰঙালী বিহুৰ ওলগ আৰু এখনি ফুলাম গামোচাৰে সম্ভাষণ জনাই ।
তাৰ পাছতে উভয়ে কেতবোৰ গুৰুত্বপূৰ্ণ বিষয় সম্পৰ্কত আলোচনা কৰে। এই আলোচনাত মুখ্যমন্ত্ৰীজনে সুধাকন্ঠ ড° ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উদযাপন কাৰ্যসূচীৰ উদ্বোধনী অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থকাৰ বাবে প্ৰধানমন্ত্ৰীগৰাকীক অসমবাসীৰ হৈ আমন্ত্ৰণ জনায়। ইয়াৰ উপৰিও অসম বায়’-ইথান’ল প্ৰকল্পৰ উদ্বোধনী কাৰ্যসূচীতো উপস্থিত থাকিবলৈ তেখেতক আমন্ত্ৰণ জনাই। উক্ত প্ৰকল্পত বাৰ্ষিক ৪৯ কে টি পি এ ইথানল উৎপাদন হ’ব আৰু ইয়াৰ বাবে ৩০০ কে টি পি এ বাঁহ কেঁচামাল হিচাপে ব্যৱহৃত হ’ব বুলি মূখ্যমন্ত্ৰীজনে জানিবলৈ দিয়ে।
অন্যহাতে দুটা গুৰুত্বপূৰ্ণ আন্ত:গাঁথনিমূলক প্রকল্প – ৫,৭০০ কোটি টকাৰ গুৱাহাটী ৰিং ৰোড প্ৰকল্প আৰু দৰং চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালৰ শিলান্যাস কৰিবলৈও অনুৰোধ জনাই মুখ্যমন্ত্ৰীগৰাকীয়ে।
এই গুৰুত্বপূৰ্ণ অনুষ্ঠানসমূহত উপস্থিত থকাৰ ক্ষেত্ৰত প্রধানমন্ত্ৰীগৰাকীয়ে সন্মতি জনাইছে বুলি সদৰী কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
What's Your Reaction?






