বিলাসী সামগ্ৰীৰ ওপৰত ১% টিচিএছ

Apr 27, 2025 - 11:38
Apr 28, 2025 - 19:50
 0  33
বিলাসী সামগ্ৰীৰ ওপৰত ১% টিচিএছ

বিলাসী সামগ্ৰীৰ ওপৰত ১% টিচিএছে চৰকাৰক বছৰি ২০০ কোটি টকালৈকে লাভাম্বিত কৰিব পাৰে। ২২ এপ্ৰিল তাৰিখৰ এক জাননীত, আয়কৰ বিভাগে ১০ লাখ টকাৰ অধিক মূল্যৰ এই বিলাসী সামগ্ৰীৰ বিক্ৰীৰ ওপৰত টিচিএছ(টেক্স কলেক্টেড এট ছ’ৰ্চ) আৰোপ কৰাৰ বাবে নতুন নিয়মাৱলী জাননী দিছে।

ভাৰত চৰকাৰে এতিয়া উচ্চ উপাৰ্জনকাৰীসকলৰ মাজত কৰ অনুপালন কঠোৰ কৰিব বিচাৰিছে।

          বিভাগে শ্বেয়াৰ কৰা তালিকা অনুসৰি ২২ এপ্ৰিলৰ পৰা, ১০ লাখ টকাৰ অধিক মূল্যৰ বিলাসী সামগ্ৰী যেনে হাতঘড়ীৰ বিক্ৰী, যিকোনো শিল্পকৰ্ম যেনে প্ৰাচীন সামগ্ৰী, চিত্ৰকলা, ভাস্কৰ্য; যিকোনো সংগ্ৰহযোগ্য সামগ্ৰী যেনে মুদ্ৰা, ডাকটিকট; যিকোনো ৰ’য়িং ব’ট, হেলিকপ্টাৰ; যিকোনো ছানগ্লাছ; যিকোনো ধৰণৰ হেণ্ডবেগ, পাৰ্চ; যিকোনো জোতা; ক্ৰীড়াৰ সাজ-পোছাক আৰু সঁজুলি যেনে গলফ কিট, স্কি-ৱেৰ; যিকোনো হোম থিয়েটাৰ চিষ্টেম; আৰু ৰেচিং বা প’ল’ৰ বাবে ঘোঁৰাৰ বিক্ৰীৰ ওপৰত ১ শতাংশ টিচিএছ আৰোপ কৰা হ’ব।

          চৰকাৰী সূত্ৰঅনুসৰি, চৰকাৰে ১% লেভিৰ পৰা বাৰ্ষিক ১৪০-২১০ কোটি টকা উপাৰ্জন কৰিব পাৰে। বিগত বৰ্ষৰ জুলাই মাহত কেন্দ্ৰীয় বাজেটত মটৰ গাড়ীৰ লগতে আন কিছুমান সামগ্ৰী টিচিএছৰ পৰিসৰলৈ অনাৰ সিদ্ধান্ত ঘোষণা কৰা হৈছিল আৰু এতিয়া আয়কৰ বিভাগে অন্যান্য সামগ্ৰীৰ শ্ৰেণীসমূহ অৱগত কৰিছে। এই পদক্ষেপে কৰ কৰ্তৃপক্ষক এনে বিলাসী সামগ্ৰীৰ বিক্ৰীৰ তথ্য বিচাৰি উলিওৱাত সহায় কৰিব আৰু কৰদাতাৰ আয়কৰ প্ৰফাইলৰ সৈতে মিলাই যিকোনো সম্ভাৱ্য কৰফাঁকি ধৰা পেলাব বুলি আশা কৰা হৈছে।

What's Your Reaction?

like

dislike

love

funny

angry

sad

wow

Nilabh Das Journalist