BTR নিৰ্বাচনৰ বাবে UPPL ৰ দ্বিতীয়খন প্ৰাৰ্থীৰ তালিকা প্ৰকাশ

দেওবাৰে BTR নিৰ্বাচনৰ বাবে ১৬ জনীয়া প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰে UPPL এ । প্ৰমোদ বড়োক গইবাৰী সমষ্টিৰ প্ৰাৰ্থিত্ব প্ৰদান কৰা হয় , বিটিচিৰ ...

Sep 1, 2025 - 20:26
Sep 1, 2025 - 21:12
 0  57
BTR নিৰ্বাচনৰ বাবে UPPL ৰ দ্বিতীয়খন প্ৰাৰ্থীৰ তালিকা প্ৰকাশ

দেওবাৰে BTR নিৰ্বাচনৰ বাবে ১৬ জনীয়া প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰে UPPL এ । প্ৰমোদ বড়োক গইবাৰী সমষ্টিৰ প্ৰাৰ্থিত্ব প্ৰদান কৰা হয় , বিটিচিৰ উপ মুখ্য কাৰ্যবাহী গোবিন্দ চন্দ্ৰ বসুমতাৰীক ভৈৰৱকুণ্ডৰ পৰা প্ৰাৰ্থীত্ব প্ৰদান , ৰঞ্জিত বসুমতাৰীক নিচিমা আৰু খাম্পা বৰ্গায়াৰীক চিৰাং দুৱাৰত প্ৰাৰ্থীত্ব প্ৰদান কৰা হয় । ঠিক তেনেকৈ পৰ্বতঝোৰা সমষ্টিত প্ৰসেন ব্ৰহ্ম , গুমাত মুৰ্চিদা বেগম , কচুগাঁওত উকিল মুছাহাৰী , ঠুৰিবাৰীত ৰঞ্জু আহমেদ , মথনগুৰিত মাখান স্বৰ্গীয়াৰী , শালবাৰীত জয় মুছাহাৰী , দিহিৰাত ভূপেন বড়ো , গোৰেশ্বৰত বিপুল কুমাৰ বসুমতাৰী , খৈৰাবাৰীত ধৰণী বড়ো , ভেৰগাঁওত দাওবাইছা বড়ো , ননৈত ছেৰফাং মাৰিয়াম টপ্পো , খালিং দুৱাৰত ৰবীন্দ্ৰ বড়োক প্ৰাৰ্থীত্ব প্ৰদান কৰে UPPL দলটোৱে ।

     উল্লেখযোগ্য যে নিৰ্বাচন আয়োগে ঘোষণা কৰা অনুসৰি অহা ২২ ছেপ্টেম্বৰত অনুষ্ঠিত হ’ব বিটিচি নিৰ্বাচনৰ ভোটগ্ৰহণ । পুনৰ ভোটগ্ৰহণৰ প্ৰয়োজন হ'লে ২৪ ছেপ্টেম্বৰত অনুষ্ঠিত কৰা হ’ব পুনৰ ভোটগ্ৰহণ । ভোটগ্ৰহণ পুৱা ৭.৩০ বজাৰ পৰা বিয়লি ৪ বজালৈ অনুষ্ঠিত হ’ব । ভোটগণনা আৰু নিৰ্বাচনৰ ফলাফল ঘোষণা হ’ব ২৬ ছেপ্টেম্বৰত। অন্যহাতে ভোটগণনা আৰম্ভ হ’ব পুৱা ৮ বজাত।

What's Your Reaction?

like

dislike

love

funny

angry

sad

wow

Nilabh Das Journalist