জনপ্ৰিয় ধাৰাবাহিক 'পবিত্ৰ ৰিষ্টা'ৰ অভিনেত্ৰী প্ৰিয়া মাৰাঠেৰ দেহাৱসান
পবিত্ৰ ৰিষ্টা' আৰু 'কসাম চে' ধাৰাবাহিকৰ অভিনেত্ৰী প্ৰিয়া মাৰাঠেৰ কৰ্কট ৰোগত মৃত্যু । প্ৰায় দুবছৰ ধৰি কেন্সাৰ ৰোগৰ সৈতে যুজি ৰবিবাৰে ৰাতিপুৱা ৪ বজাত তেওঁৰ নিজ বাসগৃহত মৃত্যু হয় ।
'পবিত্ৰ ৰিষ্টা' আৰু 'কসাম চে' ধাৰাবাহিকৰ অভিনেত্ৰী প্ৰিয়া মাৰাঠেৰ কৰ্কট ৰোগত মৃত্যু । প্ৰায় দুবছৰ ধৰি কেন্সাৰ ৰোগৰ সৈতে যুজি ৰবিবাৰে ৰাতিপুৱা ৪ বজাত তেওঁৰ নিজ বাসগৃহত মৃত্যু হয় । ৩৮ বছৰ বয়সতে মৃত্যু হয় অভিনেত্ৰী গৰাকীৰ ।
প্ৰিয়া মাৰাঠে 'ইয়া সুখনো য়া'ৰ জৰিয়তে দূৰদৰ্শনত আত্মপ্ৰকাশ কৰিছিল। তেওঁ 'চাৰ দিৱস চাচুচে'কে ধৰি বহুতো মাৰাঠী ধাৰাবাহিকতো অভিনয় কৰিছিল। প্ৰথম হিন্দী ধাৰাবাহিক 'কসাম ছে' ত তেওঁ জনপ্ৰিয় চৰিত্ৰ 'বিদ্যা বালি'ত অভিনয় কৰিছিল। ইয়াৰ পিছত জনপ্ৰিয় ধাৰাবাহিক 'পবিত্ৰ ৰিষ্টা' ত অংকিতা লোখাণ্ডেৰ চৰিত্ৰ অৰ্চনাৰ ভগ্নীৰ চৰিত্ৰত অভিনয় কৰাৰ উপৰিও বহুত ধাৰাবাহিকত অভিনয় কৰিছিল । প্ৰিয়াই 'কমেডি চাৰ্কাছ'ৰো অংশ আছিল ।
প্ৰিয়া মাৰাঠে ২০১২ চনত শান্তনুৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল।
What's Your Reaction?