জিএমচিএইচ কাণ্ডত জড়িত থকা চিকিৎসক, নাৰ্ছ তথা স্বাস্থ্যকৰ্মীক নিলম্বন
জি এম চি এইচ ঘটনাই জোকাৰি গৈছে সমগ্ৰ ৰাজ্য । অসৎ আচৰণ তথা কৰ্তব্যত গাফিলতিৰ বাবে নিলম্বন কৰা হয় একাধিক চিকিৎসক, নাৰ্ছ আৰু কৰ্মচাৰীক ।
জি এম চি এইচ ঘটনাই জোকাৰি গৈছে সমগ্ৰ ৰাজ্য । অসৎ আচৰণ তথা কৰ্তব্যত গাফিলতিৰ বাবে নিলম্বন কৰা হয় একাধিক চিকিৎসক, নাৰ্ছ আৰু কৰ্মচাৰীক ।
উল্লেখযোগ্য যে আগষ্টৰ ১৮ তাৰিখে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু হস্পিতালত এক নাভূত-নাশ্ৰুত ঘটনা সংঘটিত হয় । জন্মৰ পাছত জণ্ডিছত আক্ৰান্ত হোৱা এটি শিশুক এন আই চি ইউ (NICU) ত ৰখা হৈছিল । জানিব পৰা মতে একেখন বিছনাতে কেইবাজনো শিশু ৰখা হৈছিল কিন্তু বিচনাৰ পৰা পৰি এটি শিশুৰ মৃত্যুৰ লগতে আন তিনিজন শিশু আহত হয় । উক্ত ঘটনাটোৱে জনসাধাৰণৰ মাজত প্ৰশ্নৰ উত্থাপন ঘটাইছে যে চৰকাৰী চিকিৎসায় সমূহত এনে কান্দজ্ঞান নথকা চিকিৎসক, নাৰ্ছ তথা স্বাস্থ্যকৰ্মী থাকিলে ৰোগীৰ বাবেনো কিমান সূৰক্ষীত ?
এই ঘটনাটোতৰ পিছতেই মূখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই নিজেই জি এম চি এইচত উপস্থিত হৈ দোষীৰ বিৰুদ্ধে কঠোৰ শাস্তি লোৱা হ’ব বুলি কৈছিল । মুখ্যমন্ত্ৰীজনে স্পষ্টকৈ কৈছিল যে, জি এম চি এইচত সকলো ধৰণৰ সা- সুবিধা আছে গতিকে এয়া ব্যৱহাৰ কৰা স্বাস্থ্যকৰ্মীৰ দায়িত্ব । এই ঘটনাৰ পাছতে চিকিৎসা মহাবিদ্যালয়খনৰ অধীক্ষকে এখন তদন্ত কমিটীও গঠন কৰিছিল । মূখ্যমন্ত্ৰীজনে শিশুটিৰ পিতৃক সাক্ষাৎ কৰি দোষীয়ে উচিত শাস্তি পাব বুলি আশ্বাস দিছিল। তাৰ পাছতে ভঙাগড় আৰক্ষীয়ে চিকিৎসা মহাবিদ্যালয়ৰ একাংশ কৰ্মচাৰীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে । শেহতীয়াকৈ হাস্পাতালখনৰ কেইবাগৰাকী চিকিৎসক , নাৰ্ছ তথা স্বাস্থ্যকৰ্মীক নিলম্বন কৰা হৈছে । নিলম্বন হোৱাসকলৰ ভিতৰত আছে চিকিৎসক ডাঃ অনুপমা ডেকা আৰু ডাঃ দিপাংকৰ হাজৰিকা । এওঁলোক নিলম্বনৰ সময়ছোৱাত, চিকিৎসকসকলৰ মুখ্য কাৰ্যালয় গুৱাহাটীত থাকিব আৰু ব্যক্তিগত অনুশীলন বা আন কোনো পেছাদাৰী কামত জড়িত হোৱাটো নিষিদ্ধ কৰা হৈছে । ইয়াৰ উপৰিও, ভূক্তভোগী নৱজাতকৰ পৰিয়ালে দাখিল কৰা অভিযোগৰ ভিত্তিত শিশু চিকিৎসা বিভাগৰ দুজন স্নাতকোত্তৰ প্ৰশিক্ষাৰ্থীক আগন্তুক ৬ মাহৰ বাবে শ্ৰীমন্ত শংকৰদেৱ বিজ্ঞান বিশ্ববিদ্যালয়ে (এছ এছ ইউ এইচ এছ)ৰ পৰা বৰ্খাস্ত কৰা হৈছে । তেওঁলোক হ'ল ডাঃ হৃষিকেশ ঠাকুৰীয়া আৰু ডাঃ পূজা । লগতে ৬ মাহৰ বাবে নিলম্বন কৰিছে নাৰ্ছ ইনচাৰ্জ গোমতী দেৱী, ষ্টাফ নাৰ্ছ চন্দনা নাথকে ধৰি ৫ গৰাকী নাৰ্ছ আৰু আই চি ইউৰ টেকনিচিয়ান ঈশানজ্যোতি তালুকদাৰক ।
What's Your Reaction?