আজি ৪২ তম অভিৰুচি ক্ৰীড়া দিৱস

ৰাজ্যখনৰ প্ৰথম অৰ্জুন বঁটা প্ৰাপক ভোগেশ্বৰ বৰুৱা দেৱক সন্মান জনোৱা অৰ্থে প্ৰতি বছৰে অসমত অভিৰুচি ক্ৰীড়া দিৱস পালন কৰা হয় ।

Sep 3, 2025 - 11:00
Sep 3, 2025 - 21:11
 0  101
আজি ৪২ তম অভিৰুচি ক্ৰীড়া দিৱস

ৰাজ্যখনৰ প্ৰথম অৰ্জুন বঁটা প্ৰাপক ভোগেশ্বৰ বৰুৱা দেৱক সন্মান জনোৱা অৰ্থে প্ৰতি বছৰে অসমত অভিৰুচি ক্ৰীড়া দিৱস পালন কৰা হয় । তেখেতৰ জন্ম জয়ন্তীত অৰ্থাৎ প্ৰতি বছৰে ৩ ছেপ্তেম্বৰত এই দিৱস পালন কৰা হয় ।

এই দিনটোত ভাৰতীয় ক্ৰীড়াক্ষেত্ৰত ভোগেশ্বৰ বৰুৱাৰ অৱদানৰ ওপৰত আলোকপাত কৰা হয় । 

১৯৮৪ চনত প্ৰথমবাৰৰ বাবে ৰাজ্যত পালন কৰা হৈছিল অভিৰুচি ক্ৰীড়া দিৱস । তেতিয়াৰ পৰা আজিৰ দিনটোলৈকে প্ৰতি বছৰে পালন কৰি অহা হৈছে এই ক্ৰীড়া দিৱস । অভিৰুচি ক্ৰীড়া দিৱসৰ দিনটোত ৰাজ্যৰ প্ৰান্তে প্ৰান্তে মাৰাথান, সাংস্কৃতিক অনুষ্ঠান আদি আয়োজন কৰা হয় । 

এই বছৰ অইল ইণ্ডিয়া লিমিটেডে (OIL) অভিৰুচি ক্ৰীড়া দিৱস উপলক্ষে সৰুসজাই ষ্টেডিয়ামত এক গণ জগিং অনুষ্ঠানৰ আয়োজন কৰিছে । অনুষ্ঠানটোত অংশগ্ৰহণ কৰিব ভোগেশ্বৰ বৰুৱা, ক্ৰীড়া মন্ত্ৰী নন্দিতা গাৰ্লোচা, অভিনেত্ৰী বৰষা ৰাণী বিষয়া আৰু কেইবাজনো বিশিষ্ট খেলুৱৈ । লগতে বিভিন্ন বিদ্যালয় আৰু মহাবিদ্যালয়ৰ শিক্ষাৰ্থীসকলেও এই অনুষ্ঠানটোত অংশগ্ৰহণ কৰিবলৈ সাজু হৈছে।

ভোগেশ্বৰ বৰুৱা দেৱৰ জন্ম হৈছিল ৩ ছেপ্টেম্বৰ ১৯৪০ চনত শিৱসাগৰত । এজন ভাৰতীয় প্ৰাক্তন খেলুৱৈ আৰু প্ৰশিক্ষক। ১৯৬৬ চনৰ এছিয়ান গেমছত ৮০০ মিটাৰ দৌৰ প্ৰতিযোগিতাত স্বৰ্ণ পদক অৰ্জন কৰিছিল । আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত স্বৰ্ণ জয় কৰা তেওঁ‌ আছিল প্ৰথম গৰাকী অসমীয়া । তেওঁ ১৯৭০ চনৰ এছিয়ান খেলত ৪ x ৪০০ মিটাৰ দৌৰত ৰূপৰ পদকও অৰ্জন কৰিছিল । ভোগেস্বৰ বৰুৱাই হৈছে অৰ্জুন বঁটা লাভ কৰা প্ৰথমজন অসমীয়া ।

What's Your Reaction?

like

dislike

love

funny

angry

sad

wow

Nilabh Das Journalist