আছুৰ মুখ্য উপদেষ্টা ড° সমুজ্জ্বল কুমাৰ ভট্টাচার্যৰ মাতৃৰ দেহাৱসান

Jun 24, 2025 - 15:49
Jun 24, 2025 - 23:01
 0  75
আছুৰ মুখ্য উপদেষ্টা ড° সমুজ্জ্বল কুমাৰ ভট্টাচার্যৰ মাতৃৰ দেহাৱসান

মাতৃহাৰা ' সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ° সমুজ্জ্বল কুমাৰ ভট্টাচার্য বাৰ্ধক্যজনিত কাৰণত তেওঁ‌ৰমাতৃ অৰ্থাৎ বীণা ভট্টাচাৰ্যই সোমবাৰে নিশা ১১ মান বজাত নিজৰ গুৱাহাটীস্থিত বাসগৃহতে শেষ নিশ্বাস ত্যাগকৰে। মৃত্যুৰ সময়ত তেওঁ‌ৰ বয়স ৯৫ বছৰ আছিল

মংগলবাৰে পুৱা ১০.৩০ বজাত পৰিয়ালৰ সদস্য আৰু আত্মীয়স্বজনৰ উপস্থিতিত নৱগ্ৰহ শ্মশানত তেওঁৰশেষকৃত্য সম্পন্ন কৰা হয়

           বীণা ভট্টচাৰ্য এগৰাকী অসম আন্দোলনৰ অগ্রণী কর্মী আছিল তেওঁ‌ৰ জন্ম হৈছিল ১৯৩০ চনৰ অক্টোবৰ তাৰিখে তেওঁ‌ ক্ৰমে ডিব্রুগড় মিছনেৰী স্কুল, জগন্নাথ বৰুৱা মহাবিদ্যালয় (যোৰহাট), সন্দিকৈ ছোৱালীমহাবিদ্যালয় (গুৱাহাটী) আৰু দৰং মহাবিদ্যালয় (তেজপুৰ) শিক্ষাগ্রহণ কৰিছিল তেখেতৰ মৃত্যুত আছুকেধৰি বিভিন্ন দল-সংগঠ্ন আৰু ৰাজনৈতিক নেতাই শোক প্ৰকাশ কৰিছে

What's Your Reaction?

like

dislike

love

funny

angry

sad

wow