প্ৰদেশ কংগ্ৰেছৰ সভানেত্ৰীৰ বিৰুদ্ধে মানহানিৰ গোচৰ

মুখ্যমন্ত্রী ড০হিমন্ত বিশ্ব শৰ্মাৰ পত্নী তথা প্ৰাইড ইষ্ট এণ্টাৰটেইনমেণ্ট লিমিটেডৰ চি এম ডি ৰিণিকি শৰ্মা ভূঞাই অপৰাধমূলক মানহানিৰ গোচৰ ৰুজু কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভানেত্রী মীৰা বৰঠাকুৰ গোস্বামীৰ বিৰুদ্ধে।

Jun 27, 2025 - 11:11
Jun 27, 2025 - 14:49
 0  49
প্ৰদেশ কংগ্ৰেছৰ সভানেত্ৰীৰ বিৰুদ্ধে মানহানিৰ গোচৰ

মুখ্যমন্ত্রী ড০হিমন্ত বিশ্ব শৰ্মাৰ পত্নী তথা প্ৰাইড ইষ্ট এণ্টাৰটেইনমেণ্ট লিমিটেডৰ চি এম ডি ৰিণিকি শৰ্মা ভূঞাই অপৰাধমূলক মানহানিৰ গোচৰ ৰুজু কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভানেত্রী মীৰা বৰঠাকুৰ গোস্বামীৰ বিৰুদ্ধে। এখন দলীয় সভাত মীৰা বৰঠাকুৰে মহামৃত্যুঞ্জয় মন্দিৰ আৰু মা কামাখ্যা ধামৰ পৰা ৰিণিকি শৰ্মা ভূঞাই ধন সংগ্ৰহ কৰাৰ অভিযোগ উত্থাপন কৰিছিল। সেই অভিযোগৰ ভিত্তিতে গোচৰৰ সন্মুখীন হৈছে কংগ্ৰেছৰ নেত্ৰীগৰাকী । 

মীৰা বৰঠাকুৰে উত্থাপন কৰা অভিযোগ সম্পূৰ্ণ ভিত্তিহীন বুলি দাবী কৰি ৰিণিকি ভূঞা শৰ্মাই তেওঁৰ বিৰুদ্ধে আদালতৰ দ্বাৰস্থ হৈছে। উত্থাপন কৰা অভিযোগ শুদ্ধ প্ৰমাণিত কৰিবলৈ কংগ্ৰেছ নেত্ৰীগৰাকী আদালতত হাজিৰ হ’ব লাগিব বুলিও সদৰী কৰে মুখ্যমন্ত্ৰীগৰাকীৰ পত্নীয়ে। তেওঁ গোচৰটোৰ শুনানী অহা আগষ্ট মাহত হ'ব বুলি এক ভিডিঅ'যোগে জনোৱাৰ লগতে অভিযোগৰ উপযুক্ত প্ৰমাণ দিব নোৱাৰা পৰ্যন্ত যুঁজি যাম বুলি জনায় সংবাদ মাধ্যমৰ আগত। গোচৰ সন্দৰ্ভত কংগ্ৰেছ হ'ব সভানেত্ৰী গৰাকীৰ প্ৰতিক্ৰিয়া আৰু সহাঁৰি কেনে হ'ব সেয়া পৰৱৰ্তী সময়ত লক্ষ্যণীয় হ'ব।

What's Your Reaction?

like

dislike

love

funny

angry

sad

wow

Bobita Dutta Journalist