আমেৰিকাৰ বিশেষজ্ঞ দলৰ বৃহৎ সফলতা

অৱশেষত বন্ধ হ'ল ভটীয়াপাৰস্থিত অ' এন জি চিৰ তৈলখাদৰ দীৰ্ঘদিনীয়া গেছ নিৰ্গমন। যোৱা ১২ জুনত ৰুদ্ৰসাগৰ অ' এন জি চিৰ 'আৰ ডি এছ#১৪৭(এ) তৈলখাদত সংঘটিত হৈছিল প্ৰাকৃতিক গেছৰ নিৰ্গমন।

Jun 27, 2025 - 19:05
Jun 27, 2025 - 22:36
 0  65
আমেৰিকাৰ বিশেষজ্ঞ দলৰ বৃহৎ সফলতা

অৱশেষত বন্ধ হ'ল ভটীয়াপাৰস্থিত অ' এন জি চিৰ তৈলখাদৰ দীৰ্ঘদিনীয়া গেছ নিৰ্গমন। যোৱা ১২ জুনত ৰুদ্ৰসাগৰ অ' এন জি চিৰ 'আৰ ডি এছ#১৪৭(এ) তৈলখাদত সংঘটিত হৈছিল প্ৰাকৃতিক গেছৰ নিৰ্গমন। আজি ১৬ দিনৰ দিনটোত হে গেছৰ নিৰ্গমন প্ৰতিৰোধ কৰিবলৈ সক্ষম হয় অ' এন জি চিয়ে। বিদেশী বিশেষজ্ঞৰ লগতে ৰিজিঅ'নেল ক্ৰাইচিছ মেনেজমেণ্ট টীম'-এ এই নিৰ্গমন ৰোধ কৰিবলৈ সক্ষম হয় । এই কথা শুক্ৰবাৰে সামাজিক মাধ্যমযোগে সদৰী কৰে কেন্দ্ৰীয় পেট্ৰ'লিয়াম মন্ত্ৰী হৰদীপ সিং পুৰীয়ে ।

২০ জুনত শিৱসাগৰত উপস্থিত হৈছিল আমেৰিকাৰ এটা তিনিজনীয়া কাৰিকৰী বিশেষজ্ঞৰ দল । তেওঁলোকে অ' এন জি চিৰ বিষয়াৰ সৈতে মিলিত হৈ পৰিস্থিতিৰ বুজ লয়। তাৰ পাছতেই তিনিজনীয়া বিশেষজ্ঞৰ দলটোৱে নিশাৰ পৰাই কাম আৰম্ভ কৰে । অৱশেষত আজি ছয়দিনীয়া আশাশুধীয়া প্ৰচেষ্টাৰ অন্তত তিনিজনীয়া কাৰিকৰী বিশেষজ্ঞৰ দলটোৱে অত্যাধুনিক পদ্ধতিৰে তথা কেপিং পদ্ধতিৰে প্ৰায় ১১১৫ ঘণ্টাৰ মূৰত তথা ১৫ দিনৰ মূৰত গেছ নির্গমন বন্ধ কৰিবলৈ সক্ষম হয়। ৪৫ বছৰীয়া অভিজ্ঞতাপুষ্ট আমেৰিকাৰ Cudd well control company-ৰ তিনিজনীয়া বিশেষজ্ঞ দলটোৰ বৃহৎ সফলতাৰ অন্তত ভটিয়াপাৰবাসীয়ে স্বস্তিৰ নিশ্বাস পেলায়।

What's Your Reaction?

like

dislike

love

funny

angry

sad

wow

Bobita Dutta Journalist