অসম চৰকাৰে মুকলি কৰিলে 'শ্ৰদ্ধাঞ্জলি' নামৰ নতুন আচনি
অসম চৰকাৰৰ কেবিনেটে এখন বিশেষ আঁচনিত অনুমোদন জনায়। শ্রদ্ধাঞ্জলি নামৰ আচনি খন ২২ জুন, ২০২৫তাৰিখে অসম চৰকাৰে অনুমোদন জনাই।
অসম চৰকাৰৰ কেবিনেটে এখন বিশেষ আঁচনিত অনুমোদন জনায়। শ্রদ্ধাঞ্জলি নামৰ আচনি খন ২২ জুন, ২০২৫তাৰিখে অসম চৰকাৰে অনুমোদন জনাই। উল্লেখযোগ্য যে এই আচনিৰ জৰিয়তে বহিঃৰাজ্যত কৰ্মৰত নতুবাঅধ্যয়নৰত অসমৰ কোনো যুৱক-যুৱতীৰ মৃত্যু হ'লে তেওঁলোকৰ মৃতদেহ সন্মান সহকাৰে অসম চৰকাৰে নিজাব্যয়ত আনিব। অন্যহাতে এইটো কথা স্পষ্ট যে ৰাজ্যৰ বাহিৰত চিকিৎসাধীন হৈ থকা অৱস্থাত বিয়োগ ঘটা ব্যক্তিক এই আচনিখনে সামৰি নলয়।
উল্লেখযোগ্য যে, অসম আৰক্ষীৰ বিশেষ শাখাই এই বিষয়ক চোৱা চিতা কৰিব। আৰক্ষীৰ বিষেশ শাখাইন’ডেল প্রতিষ্ঠান হিচাপে কাম কৰিব আৰু ডি আই জি (DIG) পৰ্যায়ৰ এজন আৰক্ষী বিষয়াক ন’ডেল বিষয়াহিচাপে নিযুক্তি দিব।
কোনো ভুক্তভুগী পৰিয়ালৰ সদস্যই স্থানীয় প্রশাসন, আৰক্ষী নতুবা ১১২ নম্বৰত ফোন কৰি ঘটনা সন্দৰ্ভতঅৱগত কৰিব পাৰিব। তদুপৰি, এই উদ্দেশ্যে সামাজিক মাধ্যমতো এটা বিশেষ একাউন্ট মুকলি কৰা হ’ব। অহাপহিলা অক্টোবৰৰ পৰা এই আঁচনিখন ৰূপায়ণ কৰা হ’ব।
কেবিনেটত লগতে কয়, বহিঃৰাজ্যত বিশেষ পৰিস্থিতিত মৃত্যু হোৱা যুৱক-যুৱতীৰ পৰিয়ালৰ সদস্যই স্থানীয়প্রশাসন, আৰক্ষী নতুবা ১১২ নম্বৰত ফোন কৰি ঘটনা সন্দৰ্ভত অৱগত কৰিব পাৰিব। সামাজিক মাধ্যমতো এটাবিশেষ একাউন্ট মুকলি কৰা হ’ব। অক্টোবৰৰ প্ৰথমৰ পৰা এই আঁচনিখন ৰূপায়ণ কৰা হ’ব।
What's Your Reaction?