চৰকাৰৰ নতুন আধাৰ এপ মুকলি! এতিয়া আৰু ফটোকপি কঢ়িয়াই নিয়াৰ প্ৰয়োজন নাই
কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱে মঙলবাৰে আধাৰ কাৰ্ড ব্যৱস্থাক অধিক সুলভ আৰু সুৰক্ষিত কৰাৰ বাবে বহু প্ৰত্যাশিত আধাৰ এপ (Adhar App) মুকলি কৰে ।

Twitter embed code generator কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱে মঙলবাৰে আধাৰ কাৰ্ড ব্যৱস্থাক অধিক সুলভ আৰু সুৰক্ষিত কৰাৰ বাবে বহু প্ৰত্যাশিত আধাৰ এপ (Adhar App) মুকলি কৰে । কেন্দ্ৰীয় মন্ত্ৰীয়ে এক্স (X, পূৰ্বতে টুইটাৰ) ত ঘোষণা কৰি কয় যে আধাৰ ভেৰিফিকেচন ইউ পি আই (UPI) পেমেণ্ট কৰাৰ দৰেই সহজ হৈ পৰিব।
ভাৰতীয় ইউনিক আইডেন্টিফিকেশন অথৰিটি অ'ব ইণ্ডিয়াৰ (UIDAI) সহযোগত নিৰ্মিত এই এপটোৱে প্ৰমাণীকৰণৰ বাবে কিউ আৰ ক’ড (QR Code) ভিত্তিক তাৎক্ষণিক পৰীক্ষা আৰু বাস্তৱ সময়ৰ ফেচ আইডিৰ(Face Id) বৈশিষ্ট্য প্ৰদান কৰে। ইয়াৰ ফলত মানুহে ভৌতিক ফটোকপি বা কাৰ্ডখন য’লৈ ত’লৈ কঢ়িয়াই ফুৰাৰ প্ৰয়োজনীয়তা নাইকিয়া হ’ব। ভাৰতীয় ইউনিক আইডেন্টিফিকেশন অথৰিটি অ'ব ইণ্ডিয়াই শীঘ্ৰে মুকলি কৰিব আধাৰৰ মোবাইল এপ্লিকেশ্যন (Mobile Application)। মঙলবাৰে দিল্লীত আধাৰ সংবাদমেলত ইলেক্ট্ৰনিকছ আৰু তথ্য প্ৰযুক্তি মন্ত্ৰী অশ্বিনী বৈষ্ণৱে এই কথা ঘোষণা কৰিছে। জানিব পৰা মতে, বৰ্তমানৰ mAadhaar এপটোৰ তুলনাত নতুন এপটোৰ ডিজাইনে মুখ চিনাক্তকৰণত কোনো হাৰ্ড কপি শ্বেয়াৰ কৰাৰ প্ৰয়োজন নোহোৱাকৈ হোটেল আৰু অন্যান্য সংস্থাৰ সৈতে আধাৰৰ তথ্য সুৰক্ষিতভাৱে ভাগ-বতৰা কৰাৰ সুবিধা প্ৰদান কৰে। কিউ আৰ ক’ড (QR code) স্কেন কৰি নিজৰ ফোন ব্যৱহাৰ কৰি নিজৰ পৰিচয় পৰীক্ষা কৰিব পাৰিব। এই এপটো পৰীক্ষাৰ অন্তত ৰাইজৰ বাবে মুকলি কৰি দিয়া হ'ব।
New Aadhaar App Face ID authentication via mobile app ❌ No photocopies ❌ No physical card Posted by Ashwini Vaishnaw on Tuesday, April 8, 2025
What's Your Reaction?






