৭ দিনীয়া ভ্ৰমণসূচীৰে শচীন তেণ্ডুলকাৰৰ অসম, মেঘালয় ভ্ৰমণ
৭ দিনীয়া ভ্ৰমণসূচী হাতত লৈ বৃহস্পতিবাৰে গুৱাহাটীত উপস্থিত হৈছিল ক্ৰিকেটৰ ভগৱান খ্যাত শচীন তেণ্ডুলকাৰ আৰু তেওঁৰ পৰিয়াল। বিমানবন্দৰৰ পৰা পোনে পোনে মেঘালয়লৈ ৰাওনা হয় কিংবদন্তি ক্ৰিকেটাৰ গৰাকী।
৭ দিনীয়া ভ্ৰমণসূচী হাতত লৈ বৃহস্পতিবাৰে গুৱাহাটীত উপস্থিত হৈছিল ক্ৰিকেটৰ ভগৱান খ্যাত শচীন তেণ্ডুলকাৰ আৰু তেওঁৰ পৰিয়াল। বিমানবন্দৰৰ পৰা পোনে পোনে মেঘালয়লৈ ৰাওনা হয় কিংবদন্তি ক্ৰিকেটাৰ গৰাকী। দুটা নিশা মেঘালয়লত কটাই ৭ এপ্ৰিলত কাজিৰঙাত উপস্থিত হয় তেণ্ডুলকাৰ। মেঘালয়, কাজিৰঙা ভ্ৰমণ আৰু কামাখ্যা দৰ্শনৰ পাছত ১০ এপ্ৰিলত মুম্বাইলৈ উভতিব ।
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শন কৰি আপ্লুত ক্ৰিকেটৰ কিংবদন্তি শচীন তেণ্ডুলকাৰ। নগাঁও জিলা প্ৰশাসনে আদৰণি জনাই শচীন তেণ্ডুলকাৰক ৷ তাত উপস্থিত থকা পৰ্যটক আৰু স্থানীয় লোকৰ কাষলৈ গৈ কথা পাতে মাষ্টাৰ ব্লাষ্টাৰে। ভ্ৰমণৰ সময়ত শচীন তেণ্ডুলকাৰে অসমৰ ইউনেস্কোৰ বিশ্ব ঐতিহ্যক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু টাইগাৰ ৰিজাৰ্ভত দুটা পৰিসৰত জীপ চাফাৰী লৈছিল আৰু আবেলিৰ চাফাৰীৰ সময়ত আন জন্তুৰ ভিতৰত দুটা ৰয়েল বেংগল বাঘ দেখিছিল। বাতৰি অনুসৰি, শচীন তেণ্ডুলকাৰ ৰাতিপুৱা ৱেষ্টাৰ্ণ বাগোৰী ৰেঞ্জত আৰু আবেলি চেণ্ট্ৰেল কোহোৰালৈ জীপ চাফাৰীত গৈছিল।
আজি মঙলবাৰে কাজিৰঙাৰপৰা গুৱাহাটীলৈ আহিব ক্ৰিকেটৰ ভগৱান শচীন তেণ্ডুলকাৰ। আজি চান্দডুবি যোৱাৰো সম্ভাৱনা আছে তেণ্ডুলকাৰ।
কাইলৈ বুধবাৰে সপৰিয়ালে মা কামাখ্যাৰ আশীৰ্বাদ ল’ব আৰু বৃহস্পতিবাৰে গুৱাহাটীৰ পৰা মুম্বাইলৈ উভতি যাব ক্ৰিকেটৰ ভগৱান খ্যাত শচীন তেণ্ডুলকাৰ।
What's Your Reaction?