শ্ৰীলংকাৰ সৰ্বোচ্চ অসামৰিক সন্মান প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীলৈ
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক দেশখনৰ সৰ্বোচ্চ অসামৰিক সন্মান মিত্ৰ বিভূষণ বটা প্ৰদান কৰে। দেশখনৰ ৰাষ্ট্ৰপতি অনুৰা কুমাৰা দিশানায়েকে এই বঁটা প্ৰদান কৰে।

শ্ৰীলংকাৰ সৰ্বোচ্চ অসামৰিক বঁটা 'মিত্ৰ বিভূষণ' (Sri Lanka Mitra Vibhushana) ৰে সন্মানিত কৰা হ'ল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক। শনিবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক দেশখনৰ সৰ্বোচ্চ অসামৰিক সন্মান মিত্ৰ বিভূষণ বটা প্ৰদান কৰে। দেশখনৰ ৰাষ্ট্ৰপতি অনুৰা কুমাৰা দিশানায়েকে এই বঁটা প্ৰদান কৰে।
উল্লেখযোগ্য যে এই বঁটাটো প্ৰধানমন্ত্ৰী মোডীৰ ২২ সংখ্যক আন্তঃৰাষ্ট্ৰীয় সন্মান। এই বঁটাটোৱে দুয়োখন দেশৰ মাজত ঐতিহাসিক সম্পৰ্ক আৰু গভীৰ বন্ধুত্ব প্ৰতিফলিত কৰে। অৱশ্যে দুয়োখন দেশে প্ৰতিৰক্ষা সহযোগিতাৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ চুক্তিও স্বাক্ষৰ কৰিছে। প্ৰধানমন্ত্ৰী মডীয়ে বিদেশৰ পৰা লাভ কৰা এৱৰ্ডছৰ ভিতৰত আছে চৌদি আৰৱৰ অৰ্ডাৰ অফ কিং আব্দুল আজিজ, অৰ্ডাৰ অৱ দ্য ষ্টেট অৱ পেলেষ্টাইন, সংযুক্ত আৰৱ আমিৰাতৰ অৰ্ডাৰ অফ জায়েদ, অৰ্ডাৰ অফ ফিজি আৰু ইজিপ্তৰ অৰ্ডাৰ অফ দ্য নাইল। যোৱা মাহত মৰিচাছে ৰাষ্ট্ৰীয় দিৱস উদযাপনত অংশগ্ৰহণ কৰিবলৈ দেশভ্ৰমণ কৰাৰ সময়ত মোডীক ইয়াৰ সৰ্বোচ্চ অসামৰিক সন্মান গ্ৰেণ্ড কমাণ্ডাৰ অফ দা অৰ্ডাৰ অফ দা ষ্টাৰ এণ্ড কী অৱ দ্য ইণ্ডিয়ান ওছেন বঁটা প্ৰদান কৰে।
View this post on Instagram
What's Your Reaction?






