ভোগালী বিহুৰ দিনাই মূখ্যমন্ত্ৰীয়ে উদ্দোধন কৰিলে "আইদেউ" ছবিগৃহ
ৰাজ্যিক চলচ্চিত্ৰ বিত্ত উন্নয়ন নিগমৰ উদ্দ্যোগত চলি আছে ৫ টা ছবিগৃহ নিৰ্মানৰ কাম। ভোগালী বিহুৰ দিনা ৰাজ্যত মুকলি হ'ল ইয়াৰে এটা ছবিগৃহ।
ৰাজ্যিক চলচ্চিত্ৰ বিত্ত উন্নয়ন নিগমৰ উদ্দ্যোগত চলি আছে ৫ টা ছবিগৃহ নিৰ্মানৰ কাম। ভোগালী বিহুৰ দিনা ৰাজ্যত মুকলি হ'ল ইয়াৰে এটা ছবিগৃহ। ছবিগৃহটোৰ নাম ৰখা হৈছে 'আইদেউ'। মূখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আনুস্থানিক ভাৱে এই ছবিগৃহটো উদ্বোধন কৰে। মহানগৰীৰ পাঞ্জাবাৰীৰ জোনাকী কম্পেক্সত ছবিগৃহটো শুভ উদ্বোধন কৰা হয়। 'আইদেউ' ছবিগৃহটোত 'অনুৰণ' নামৰ অসমীয়া চলচ্চিত্ৰখ্ন শুভমুক্তি দিয়া হয়।
মূখ্যমন্ত্ৰীগৰাকীয়ে কয় যে "অসমীয়া চলচ্চিত্ৰ মুক্তি দিয়া মানেই সফলতাৰ অন্য এক উদাহৰণ। ছবিক ৰাজনৈতিক দৃস্তিভংগীৰে কেতিয়াও ছাব নালাগে" আৰু লগতে নিগমৰ উদ্যোগত ৰাজ্যত ৫ টা ছবিগৃহ নিৰ্মাণৰ কাম চলি আছে আৰু ৯ টা পূৰণি ছবিগৃহৰ কামো সমান্তৰালকৈ চলি থকা বুলি প্ৰ্কাশ কৰে।অনুস্থানটোত মূখ্যমন্ত্ৰীৰ উপৰিও অসম ৰাজ্যিক চলচ্চিত্ৰ বিত্ত উন্নয়ন নিগমৰ অধ্যক্ষ সীমান্ত শেখৰ আৰু সাংসদ তথা সাংস্কৃতিক কৰ্মি পবিত্ৰ মাৰ্ঘেৰিটা উপস্থিত থাকে।
What's Your Reaction?