পহেলগামৰ ঘটনাৰ বাবে বলীউডৰ চুপাৰষ্টাৰ ছলমান খানে ইউ কে(UK) ভ্ৰমণৰ কাৰ্যসূচী স্থগিত ৰাখে
কাশ্মীৰৰ পহেলগামত সন্ত্ৰাসবাদীৰ আক্ৰমণৰ পৰিপ্ৰেক্ষিতত বলীউডৰ চুপাৰষ্টাৰ ছলমান খানে তেওঁৰ বলীউড বিগ ৱান ট্যুৰ পিছুৱাই দিয়ে। এই অনুস্থানটো ইউকেত(UK) ৪-৫ মে'ত অনুষ্ঠিত হ'বলগীয়া আছিল। সোমবাৰে ৰাতিপুৱা তেওঁ সামাজিক মাধ্যম যোগে প্ৰকাশ কৰে।
চলমান খানে ইনষ্টাগ্ৰামত এখন পোষ্টাৰ প্ৰকাশ কৰে য'ত তেওঁ "দাবাং তাৰকা"ৰ সৈতে চাৰা আলী খান, টাইগাৰ শ্ৰফ, বৰুণ ধাৱান, মাধুৰী দীক্ষিত নেনে, কৃতি চানন, দিশা পাটানি, সুনীল গ্ৰোভাৰ আৰু মণিশ পলৰ দৰে ব্যক্তিত্বৰ সৈতে ভ্ৰমণৰ পোষ্টাৰ শ্বেয়াৰ কৰিছিল। পোষ্টাৰখন চেয়াৰ কৰি "দ্য বলীউড বিগ ৱান" ইউকে ভ্ৰমণ পিছুৱাই দিয়া কথা প্ৰকাশ কৰে। শিৰোনামটোত ছলমান খানে লিখিছিল যে "কাশ্মীৰৰ শেহতীয়া শোকাৱহ ঘটনাৰ পৰিপ্ৰেক্ষিতত আৰু গভীৰ দুখৰ সৈতে আমি প্ৰচাৰকসকলক বলীউড বিগ ৱান শ্ব'বোৰ পিছুৱাই দিবলৈ অনুৰোধ কৰাৰ কঠিন সিদ্ধান্ত লৈছো, যিটো মূলতঃ মানচেষ্টাৰ আৰু লণ্ডনত ৪ আৰু ৫ মে'ত অনুসূচীত কৰা হৈছিল।" তেখেতে লগতে ক্ষমা বিছাৰি অনুস্থানৰ নতুন তাৰিখ অতি শীঘ্ৰে ঘোষণা কৰিব বুলি জনায়।
What's Your Reaction?