চিটি চেণ্টাৰ মলত মেনেজমেন্ট কৰ্তিপক্ষই ২ ঘন্টাৰ বাবে বন্ধ ৰাখে মল
গুৱাহাটীৰ জি এছ ৰোডত অৱস্থিত চিটি চেণ্টাৰ মলটো মেনেজমেণ্টে "কাৰিকৰী সমস্যা" বুলি উল্লেখ কৰি অস্থায়ীভাৱে দুঘন্টাৰ বাবে বন্ধ কৰি দিয়ে। হুলস্থূলৰ প্ৰকৃত কাৰণ এতিয়াও জানিব পৰা হোৱা নাই যদিও মল মেনেজমেণ্টে এই আকস্মিক বন্ধৰ কাৰণ হিচাপে এটা কাৰিকৰী সমস্যা বুলি উল্লেখ কৰিছে।
গুৱাহাটীৰ জি এছ ৰোডত অৱস্থিত চিটি চেণ্টাৰ মলটো মেনেজমেণ্টে "কাৰিকৰী সমস্যা" বুলি উল্লেখ কৰি অস্থায়ীভাৱে দুঘন্টাৰ বাবে বন্ধ কৰি দিয়ে।
হুলস্থূলৰ প্ৰকৃত কাৰণ এতিয়াও জানিব পৰা হোৱা নাই যদিও মল মেনেজমেণ্টে এই আকস্মিক বন্ধৰ কাৰণ হিচাপে এটা কাৰিকৰী সমস্যা বুলি উল্লেখ কৰিছে। মলৰ প্ৰৱেশদ্বাৰত পোষ্ট কৰা এখন চিহ্নত এইদৰে লিখা আছে: "কাৰিকৰী সমস্যাৰ বাবে মলটো ২ ঘণ্টাৰ বাবে বন্ধ কৰা হ'ব।"
পৰিস্থিতি নিয়ন্ত্ৰণলৈ অনাৰ বাবে নিৰাপত্তাকৰ্মীসকল ঘটনাস্থলীত নিয়োজিত হৈ আছে। কৰ্তৃপক্ষই দুঘণ্টাৰ বন্ধৰ ম্যাদ ঘোষণা কৰিছে যদিও অতি সোনকালে যাতে স্বাভাৱিক অৱস্থালৈ ঘূৰি আহে তাৰে চেষ্টা অব্যাহত ৰাখিছে ।
মলটোৰ চৌহদৰ ভিতৰত এটা বোমাৰ উপস্থিতিৰ অনুমান কৰিছে কেইবাজনো লোকে। তৎক্ষণাৎ প্ৰতিৰোধমূলক ব্যৱস্থা লোৱা হৈছিল আৰু সেই সময়ছোৱাত মলৰ ভিতৰত উপস্থিত সকলো লোকক নিয়োজিত নিৰাপত্তা কৰ্মচাৰীৰ সহায়ত তৎক্ষণাৎ স্থানান্তৰ কৰা হৈছিল।
অগ্নি আৰু জৰুৰীকালীন সেৱা, বম্ব স্কোয়াড, লগতে স্নিফাৰ কুকুৰৰ দলবোৰক আৰক্ষী কৰ্মীৰ সৈতে অনুসন্ধান অভিযানত সহায় কৰিবলৈ মাতি অনা হৈছিল।
এই ঘটনাই জিএছ ৰোড আৰু কাষৰীয়া অঞ্চলত যান-বাহন চলাচল ব্যাহত কৰিছে, যাৰ ফলত যাত্ৰীসকল অসুবিধাত পৰা দেখা গৈছে ।
What's Your Reaction?