ফিফা অনুৰ্ধ-১৭ মহিলা বিশ্বকাপত তদাৰক কৰিব মেঘালয়ৰ ৰিওহলাং ধৰে

 ২০২৪ চনত ডমিনিকান গণৰাজ্যত অনুষ্ঠিত হ'বলগীয়া ফিফা অনুৰ্ধ-১৭ মহিলা বিশ্বকাপৰ বাবে নিৰ্বাচিত দ্বিতীয় ভাৰতীয় মহিলা সহকাৰী ৰেফাৰী হিচাপে স্থান লাভ কৰে মেঘালয়ৰ ৰিওহলাং ধৰে।

Aug 17, 2024 - 20:49
Aug 17, 2024 - 23:47
 0  12
ফিফা অনুৰ্ধ-১৭ মহিলা বিশ্বকাপত তদাৰক কৰিব মেঘালয়ৰ ৰিওহলাং ধৰে

 ২০২৪ চনত ডমিনিকান গণৰাজ্যত অনুষ্ঠিত হ'বলগীয়া ফিফা অনুৰ্ধ-১৭ মহিলা বিশ্বকাপৰ বাবে নিৰ্বাচিত দ্বিতীয় ভাৰতীয় মহিলা সহকাৰী ৰেফাৰী হিচাপে স্থান লাভ কৰে মেঘালয়ৰ ৰিওহলাং ধৰে। অল ইণ্ডিয়া ফুটবল ফেডাৰেচন (এআইএফএফ)ৰ ঘোষণা অনুসৰি ১০ অক্টোবৰৰ পৰা ৩ নৱেম্বৰলৈ অনুষ্ঠিত হ'বলগীয়া প্ৰতিযোগিতাখনৰ বাবে ফিফাৰ দ্বাৰা বাছনি কৰা ৩৮ জন অভিজাত মেচ বিষয়াৰ ভিতৰত ৰিওহলাংও আছে।

২০১৬ চনত জৰ্ডানত অনুষ্ঠিত ফিফা অনুৰ্ধ-১৭ মহিলা বিশ্বকাপত কাৰ্যনিৰ্বাহ কৰা উভেনা ফাৰ্ণাণ্ডেজ আছিল এই সন্মান অৰ্জন কৰা প্ৰথম গৰাকী ভাৰতীয় মহিলা। মেঘালয় আৰক্ষী বিভাগতো সেৱা আগবঢ়োৱা ৰিওহলাঙে বিশ্ব মঞ্চত ভাৰতক প্ৰতিনিধিত্ব কৰাৰ বাবে গৌৰৱ আৰু প্ৰতিশ্ৰুতি ব্যক্ত কৰি কয় যে "বিশ্বকাপৰ বাবে নিযুক্তি মোৰ বাবে এক ডাঙৰ সন্মান। ফিফাৰ প্ৰত্যাশা পূৰণ কৰিবলৈ আৰু গৌৰৱেৰে ভাৰতক প্ৰতিনিধিত্ব কৰিবলৈ মই সংকল্পবদ্ধ।"

ৰিওহলাঙৰ ৰেফাৰীলৈ যাত্ৰা ২০০৯ চনতে আৰম্ভ হৈছিল।

বিশ্বকাপত ৰিওহলাং ধৰৰ সফলতা কামনা কৰি  এআইএফএফ ৰেফাৰী সমিতিৰ অধ্যক্ষ কে শংকৰে এএফচি আৰু ফিফা মেচত ৰিওহলাঙৰ আকৰ্ষণীয় প্ৰদৰ্শনক তেওঁৰ বাছনিৰ এক গুৰুত্বপূৰ্ণ কাৰক হিচাপে উল্লেখ কৰি কয় যে "ৰিওহলাঙে এই বছৰ ইণ্ডোনেছিয়াত অনুষ্ঠিত এএফচি অনুৰ্ধ-১৭ মহিলা এছিয়ান কাপত এখন ছেমিফাইনেল আৰু তৃতীয় স্থানৰ প্লে-অফত কাৰ্যনিৰ্বাহ কৰিছিল, য'ত তেওঁৰ প্ৰদৰ্শন অসামান্য আছিল। তেওঁৰ নিযুক্তি এআইএফএফৰ বাবেও এক ডাঙৰ সন্মান," ।

What's Your Reaction?

like

dislike

love

funny

angry

sad

wow

Nilabh Das Journalist