শংকৰজ্যোতি বৰুৱাৰ জামিন মঞ্জুৰ

শংকৰজ্যোতি বৰুৱাৰ জামিন মঞ্জুৰ কৰিলে গুৱাহাটী উচ্চ ন্যায়ালয়ে। বৰুৱাক তনু শ্বাহীৰ এজাহাৰৰ ভিত্তিত গ্ৰেপ্তাৰ কৰা হৈছিল।

May 26, 2025 - 13:26
May 26, 2025 - 18:23
 0  3
শংকৰজ্যোতি বৰুৱাৰ জামিন মঞ্জুৰ

শংকৰজ্যোতি বৰুৱাৰ জামিন মঞ্জুৰ কৰিলে গুৱাহাটী উচ্চ ন্যায়ালয়ে। বৰুৱাক তনু শ্বাহীৰ এজাহাৰৰ ভিত্তিত গ্ৰেপ্তাৰ কৰা হৈছিল।

         উল্লেখযোগ্য যে পেট্ৰ'ল পাম্পত সংঘটিত মাৰপিটৰ ঘটনাক কেন্দ্ৰ কৰি গ্ৰেপ্তাৰ হ'ব লগা হৈছিল শংকৰজ্যোতি বৰুৱা। বলপূৰ্বকভাৱে পেট্ৰ’ল পাম্প দখল কৰাৰ অভিযোগ উত্থাপন কৰা হৈছিল শংকৰজ্যোতি বৰুৱাৰ বিৰুদ্ধে।

১৯ মে' তাৰিখে নিশা ডিব্ৰুগড় আৰক্ষীয়ে দুলীয়াজানৰ ঘৰৰ পৰা বৰুৱাক আটক কৰিছিল। তাৰ পাছতে আৰক্ষীয়ে ১০টাকৈ ধাৰাত গোচৰ ৰুজু কৰি সোমবাৰে গ্ৰেপ্তাৰ কৰে তেওঁক। 

          ১৭ মে'ত দুলীয়াজান আৰক্ষী থানাৰ কাষতে অৱস্থিত বি.এন.সিঙ পেট্ৰ’ল পাম্প চাৰ্ভিচ ষ্টেচনত তিনিটা ফৈদৰ মাজত মাৰপিটৰ ঘটনা সংঘটিত হৈছিল। এই ঘটনাত পে’ট্ৰল পাম্পটোৰ কৰ্মচাৰী তানু চাহি,নৱজিৎ চাহি,ৰাজ সিং আৰু অজয় যাদৱ আহত হৈছিল। এই সমগ্ৰ ঘটনাত নাম সাঙোৰ খাইছিল শংকৰজ্যোতি বৰুৱাৰ। অভিযোগ অনুসৰি শংকৰ জ্যোতি বৰুৱাই এই মাৰপিটৰ ঘটনা সংঘটিত কৰিছিল। আজি অৰ্থাৎ ২৬ মে' তাৰিখে ৯০/২০২৫ নং গোচৰত জামিন লাভ শংকৰজ্যোতি বৰুৱাই।

What's Your Reaction?

like

dislike

love

funny

angry

sad

wow

Nilabh Das Journalist