বজালীৰ পৰিহৰেশ্বৰ দেৱালয়ৰ ইতিবৃত্ত
অসমৰ বৰপেটা জিলাৰ পাঠশালাৰ পৰা তিনি কিলোমিটাৰ আঁতৰৰ ডুবি গাঁৱত শ্ৰীশ্ৰীপৰিহৰেশ্বৰ দেৱালয় অৱস্থিত। এই দেৱালয় অসমৰ অন্যতম প্ৰাচীন আৰু ঐতিহ্যমণ্ডিত শৈৱপীঠ তথা এটা উল্লেখযোগ্য পৰ্যটন কেন্দ্ৰ।

অসমৰ বৰপেটা জিলাৰ পাঠশালাৰ পৰা তিনি কিলোমিটাৰ আঁতৰৰ ডুবি গাঁৱত শ্ৰীশ্ৰীপৰিহৰেশ্বৰ দেৱালয় অৱস্থিত। এই দেৱালয় অসমৰ অন্যতম প্ৰাচীন আৰু ঐতিহ্যমণ্ডিত শৈৱপীঠ তথা এটা উল্লেখযোগ্য পৰ্যটন কেন্দ্ৰ। কুমাৰ ভাস্কৰ বৰ্মাৰ ডুবিৰ তাম্ৰলিপিয়ে এইখন পীঠস্থানৰ মহত্ত্ব আৰু গৰিমা বহন কৰি আহিছে। অসমৰ পুৰাতত্ত্ব আৰু ইতিহাস, এই দেৱালয়খনৰ সৈতে গভীৰভাৱে প্ৰযুক্ত আৰু ই অসমৰ এক গৌৰৱময় কীৰ্তিস্তম্ভ।
অসমৰ বৰপেটা জিলাৰ ব্ৰহ্মপুত্ৰ নদীৰ উত্তৰ পাৰে বজালী মহকুমাৰ অন্তৰ্গত পাঠশালা নগৰৰ পৰা প্ৰায় তিনি কিলোমিটাৰ দক্ষিণে অৱস্থিত এই ডুবি গাঁৱ। ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা ইয়াৰ দূৰত্ব ৪ কিলোমিটাৰ আৰু উত্তৰ পূৱ সীমান্ত ৰেলপথৰ পৰা ইয়াৰ দূৰত্ব ৩ কিলোমিটাৰ। গুৱাহাটীৰ পৰা ইয়াৰ দূৰত্ব ১০৩ কিলোমিটাৰ।
ডুবিৰ শ্ৰীশ্ৰীপৰিহৰেশ্বৰ দেৱালয় অসমৰ শৈৱপীঠ সমূহৰ ভিতৰত প্ৰাচীন, ঐতিহ্যপূৰ্ণ আৰু জাগ্ৰতৰূপে খ্যাত অন্যতম দেৱালয়। ইয়াৰ ঐতিহাসিক পটভূমি অনেক পুৰণি। ইয়াত থকা ভাস্কৰ বৰ্মাৰ তাম্ৰলিপিৰ পৰা এই দেৱালয়ৰ বৈশিষ্ট্য আৰু প্ৰাচীনতাৰ উমান পোৱা যায়। দেৱালয়ৰ মূল মন্দিৰৰ নিৰ্মাণ সামগ্ৰী আৰু আন্তঃগাঁথনিলৈ চাই ইয়াৰ নিৰ্মাণকাল ষষ্ঠ-সপ্তম শতিকাতে নিৰ্মাণ হোৱা বুলি ধাৰণা কৰিব পাৰি। এই মন্দিৰত পূজা-অৰ্চনা কৰা পুৰোহিত সকললৈ কুমাৰ ভাস্কৰ বৰ্মাই ভূমিদান দিয়াৰ কথা তাম্ৰলিপিত উল্লেখ আছে। অৱশ্যে মাজতে কিবা কাৰণবসত এই মন্দিৰৰ অস্তিত্ব বিলুপ্ত হৈছিল আৰু ওঠৰশ শতিকাৰ তৃতীয় দশকৰ আৰম্ভণিতে ধৰ্মবৰ নামৰ ব্ৰাহ্মণ এজনে কপিলী গাই এজনীয়ে বিৰিণা এজোপাৰ ওপৰত গাখীৰ দান কৰাৰ পম খেদি দেৱালয়ৰ বিগ্ৰহটো আৱিস্কাৰ কৰে। আহোম ৰজা শিৱসিংহৰ ৰাজত্ব কালত ১৭৩০ খ্ৰীষ্টাব্দত মন্দিৰৰ বিগ্ৰহটো পুনৰুদ্ধাৰ হয় আৰু ৰজা লক্ষ্মী সিংহৰ দিনত ১৭৭০ খ্ৰীষ্টাব্দত মন্দিৰটি নতুনকৈ সজোৱা হয়।
পৰিহৰেশ্বৰ দেৱালয়ত দৈনন্দিনভাৱে শিৱ পূজা, দুৰ্গা পূজা আৰু বিষ্ণু পূজা বেলেগে বেলেগে কৰা হয়। দুৰ্গাপূজাৰ সময়ত ইয়াত বলি দিয়াৰ প্ৰথাও আছে। ইয়াত এক বিশেষ ধৰণৰ বলি অৰ্ধৰাত্ৰিৰ বলি দিয়াৰ প্ৰথা আছে আৰু লগতে দেৱালয়ত ভোগ দিয়াৰ ব্যৱস্থাও আছে। বিষ্ণুপূজাৰ বাবে নিৰামিষ আৰু শিৱ আৰু দুৰ্গাপূজাৰ বাবে আমিষ ভোগ দিয়াৰ ব্যৱস্থা আছে। উক্ত তিনি পূজাৰ উপৰিও ডুবি দেৱালয়ত দৌলযাত্ৰা, জন্মাষ্টমী, পূৰ্ণিমা তিথি, বিহু উৎসৱ, লক্ষ্মীপূজা আদিও পালন কৰা হয়। মাঘ মাহত এই দেৱালয়ত ডাঙৰ মেলা বহে। ব'হাগ মাহত দেৱালয়ত পাৰসুঁৱেৰী উৎসৱ পালন কৰা হয়। বছৰৰ প্ৰায় সকলো সময়তে এই দেৱালয়লৈ ভক্তৰ সমাগম দেখা যায়।
What's Your Reaction?






