Life Of A Driver গ্ৰন্ঠ খনৰ লেখক ৰূপম দত্তই যোগদান কৰিলে আম আদমি পাৰ্টীত
Life Of A Driver গ্ৰন্ঠ খনৰ লেখক ৰূপম দত্তই আম আদমি পাৰ্টীৰ ৰাজ্যিক কাৰ্য্যালয়ত উপস্থিত হৈ সমুহীয়াকৈ যোগদান কৰিলে আম আদমি পাৰ্টীত।
Life Of A Driver গ্ৰন্ঠ খনৰ লেখক ৰূপম দত্তই আম আদমি পাৰ্টীৰ ৰাজ্যিক কাৰ্য্যালয়ত উপস্থিত হৈ সমুহীয়াকৈ যোগদান কৰিলে আম আদমি পাৰ্টীত।
আপৰ ৰাজ্যিক যুটীয়া সমন্বয়ক ডা' ভবেন চৌধুৰী,ৰাজ্যিক যুটীয়া সমন্বয়ক জিতুল ডেকা, ৰাজ্যিক যুটীয়া সম্পাদক অম্লানজৌতি হাতীবৰুৱা আৰু দলৰ অন্য বিষয়ববীয়াৰ উপস্থিতিত দলটোত যোগদান কৰে।উল্লেখযোগ্য যে ৰূপম দত্ত হল পেচাত এজন বাছ দ্ৰাইভাৰ আৰু জনপ্ৰিয় লেখক।তেখেতৰ লিখিত "Life Of A Driver" কিতাপখনে সমগ্ৰ অসমতে তেখেতক চিনাকি কৰায়।ৰূপম দত্তৰ ঘৰ তিনিচুকিয়াত আৰু বৰ্তমান তেখেতে জিৱন নিৰ্বাহৰ বাবে গুৱাহাটিৰ পৰা তিনিচুকিয়ালৈ ৰাতিৰ বাছ চলাই।
তেখেতৰ লিখনিত বৰ্তমানলৈকে দুখন কিতাপ উন্মোচন কৰা হৈছে ।এখন হল "Life Of A Driver" আৰু আনখন "Sopunor Xexot" ।
ৰূপম দত্তৰ মতে"কামৰ কোনো সৰু ডাঙৰ নাই,কৰ্মই ধৰ্ম। তেখেতে প্ৰথমে সৰু গাড়ী চলাই ভাল পাইছিল আৰু পিছলে বাছ চলোৱা পেচা হিচাপে লয়।
What's Your Reaction?