স্বামীৰ প্ৰহাৰত প্ৰাণ গ'ল পত্নীৰ
যোৰহাট নগৰৰ টিয়কত সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনাটো। টিয়কৰ খনিকৰ চাহ বাগিচাত স্বামীৰ প্ৰহাৰত প্ৰাণ গ'ল এগৰাকী মহিলাৰ। চাহ বাগিচাৰ ৩নং লাইনত সংঘটিত হৈছে এই ঘটনা। নিহত মহিলা গৰাকীৰ নাম নিৰুমণি ফুলমালি। শনিবাৰে নিশা প্ৰায় ৬ মান বজাত সংঘটিত হয় ঘটনাটো। নিহত মহিলাগৰাকীৰ ভাতৃৰ ভাষ্য অনুসৰি ঘৰৰ মানুহে তেওঁক মূৰ ঘূৰাই মাটিত পৰি মৃত্যু হোৱা বুলি জনায় যদিও ভাতৃয়ে স্বামীয়েহে হত্যা কৰা বুলি সংবাদ মাধ্যমৰ আগত জনায়। ঘটনাৰ পাছতেই স্বামী জিতেন্দ্র ফুলমালিসহ শহুৰ-শাহুৱেকে ঘৰৰ পৰা পলায়ন কৰে। বৰ্তমানলৈকে ঘটনাৰ প্ৰকৃত কাৰণ জানিব পৰা হোৱা নাই।
What's Your Reaction?