এইবাৰ ১৪ দিনীয়া গ্ৰন্থমেলা
চলিত বৰ্ষত ১৪ দিনীয়াকৈ গুৱাহাটীৰ খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত হ'ব অসম গ্রন্থমেলা ২০২৫
চলিত বৰ্ষত ১৪ দিনীয়াকৈ গুৱাহাটীৰ খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত হ'ব অসম গ্রন্থমেলা ২০২৫ । ২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈকে অনুষ্ঠিত হ'ব ২০২৫ ৰ অসম গ্রন্থমেলা। আজি সংবাদমেলযোগে অসম প্রকাশন পৰিষদ আৰু সদৌ অসম পুথি প্রকাশক আৰু বিক্রেতা সংস্থাৰ তৰফৰ পৰা এই কথা সদৰী কৰে ।
গুৱাহাটীৰ মূল গ্রন্থমেলাৰ উপৰিও অসমৰ আন ৭খন ঠাইত এইবাৰ আঞ্চলিক গ্রন্থমেলাৰূপে ''অসম গ্রন্থমেলা''' আয়োজন কৰা হ'ব। লগতে সচিব গৰাকীয়ে উল্লেখ কৰা মতে, অসম চৰকাৰে 'গ্ৰন্থবর্ষ' উপলক্ষে চৰকাৰী কৰ্মচাৰীসকলক কিতাপ কিনাৰ বাবে প্ৰদান কৰিব বিচৰা ধনৰ গ্রন্থমেলাসমূহত গ্রন্থ ক্ৰয়ৰ যোগেদি সদ ব্যৱহাৰ হয়, তাৰ প্রতিও উদ্যোক্তাসকল সচেষ্ট হ'ব। সংবাদমেলত বিভিন্ন ঠাইত আয়োজন কৰিবলৈ লোৱা গ্রন্থমেলাসমূহৰ স্থান আৰু দিনাংক ঘোষণা কৰে পৰিষদৰ সচিব প্ৰমোদ কলিতাই ।
তেওঁ ঘোষণা কৰা অনুসৰি গ্ৰন্থমেলা অনুষ্ঠিত হ'বলগীয়া গ্ৰন্থমেলাৰ স্থান আৰু দিনাংকসমূহ এনেধৰণৰ:-
১/বঙাইগাঁৱত অনুষ্ঠিত হ'ব ২২ অক্টোবৰৰ পৰা ২৯ অক্টোবৰলৈ
২/লক্ষীমপুৰত অনুষ্ঠিত হ'ব ১ নৱেম্বৰৰ পৰা ১০ নৱেম্বৰলৈ
৩/নলবাৰীত অনুষ্ঠিত হ'ব ৬ নৱেম্বৰৰ পৰা ১৭ নৱেম্বৰলৈ
৪/যোৰহাটত অনুষ্ঠিত হ'ব ১৪ নৱেম্বৰৰ পৰা ২৬ নৱেম্বৰলৈ
৫/তিনিচুকীয়াত অনুষ্ঠিত হ'ব ২৮ নৱেম্বৰৰ পৰা ৭ ডিচেম্বৰলৈ
৬/শিলচৰত অনুষ্ঠিত হ'ব ১ ডিচেম্বৰৰ পৰা ১০ ডিচেম্বৰলৈ
৭/মঙলদৈত অনুষ্ঠিত হ'ব ১২ ডিচেম্বৰৰ পৰা ১৮ ডিচেম্বৰলৈ।
What's Your Reaction?