নন্দিনীৰ জামিন আবেদন নাকচ

Aug 7, 2025 - 21:53
Aug 9, 2025 - 19:34
 0  65
নন্দিনীৰ জামিন আবেদন নাকচ

আজি ন্যায়ালয়ে নাকচ কৰিলে নন্দিনী কাশ্যপৰ জামিন আবেদন। হিট এণ্ড ৰাণ গোচৰত গ্ৰেপ্তাৰ হোৱা অভিনেত্ৰী নন্দিনী কাশ্যপে যোৱা ২৫ জুলাই তাৰিখে গুৱাহাটীৰ দক্ষিণগাঁৱত ছমিউল হক নামৰ এজন যুৱকক নিজ বাহনেৰে খুন্দিয়াই ঘটনাস্থলীৰ পৰা উধাও হৈছিল। ঘটনা সংঘটিত কৰি পলায়ন কৰা ছমিউলৰ কেইজনমান বন্ধুৱে আবদ্ধ কৰিছিল নন্দিনীৰ বাহন। কিন্তু শীৰ্ষ বিষয়াৰ আৰ্শীবাদত তদন্তৰ আওতাৰ পৰা ৰক্ষা পৰিছিল নন্দিনী। পৰৱৰ্তী সময়ত ঘটনাই গতি কৰিছিল আন এক দিশলৈ।কিন্তু ২৯ জুলাই তাৰিখে দুৰ্ঘটনাত আহত হোৱা ছমিউলৰ এখন ব্যক্তিগত হস্পিটেলত মৃত্যু হয় আৰু ছমিউলৰ মৃত্যুৰ পাছতেই গ্ৰেপ্তাৰ হয় নন্দিনী। গ্ৰেপ্তাৰৰ পাছতেই অভিনেত্ৰী নন্দিনী কাশ্যপক আদালতত হাজিৰ কৰাই দুদিন আৰক্ষীৰ জিম্মাত ৰখা হয়। কিন্তু ১ আগষ্টত আদালতে নন্দিনী কাশ্যপক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে । সেই হিট এণ্ড ৰাণ গোচৰত গ্ৰেপ্তাৰ হোৱা অভিনেত্ৰী নন্দিনী কাশ্যপৰ জামিন আবেদন নাকচ কৰে ন্যায়ালয়ে। আজি উচ্চ ন্যায়ালয়ে আৰক্ষীক কেছ ডায়েৰী দাখিলৰ নিৰ্দেশ দিয়ে আৰু অহা ১৯ আগষ্টতহে গোচৰৰ পুনৰ শুনানি গ্ৰহণ কৰাৰ কথা সদৰী কৰে ন্যায়ালয়ে। তেতিয়ালৈকে অৰ্থাৎ ১৯ আগষ্ট পৰ্যন্ত কাৰাগাৰৰ আন্ধাৰ কুঠৰীৰ আলহি হ'ব লাগিব নন্দিনী।

What's Your Reaction?

like

dislike

love

funny

angry

sad

wow

Bobita Dutta Journalist