প্ৰাক্তন মডেল তথা অভিনেতা মুকুল দেৱৰ ৫৪ বছৰ বয়সত মৃত্যু
৫৪ বছৰ বয়সতেই মৃত্যুক সাবতি ল'লে অভিনেতা মুকুল দেৱে। তেওঁ হিন্দী, পাঞ্জাৱী আৰু দক্ষিণ ভাৰতীয় চলচ্চিত্ৰৰ উপৰিও দূৰদৰ্শনতো অভিনয় কৰিছিল।
মুকুল দেৱৰ জন্ম ১৭ ছেপ্টেম্বৰ ১৯৭০ চনত নতুন দিল্লীত হৈছিল। তেওঁ ১৯৯৬ চনত টিভি চিৰিয়েল মুমকিনৰ জৰিয়তে কেৰিয়াৰ আৰম্ভ কৰে আৰু একে বছৰতে দস্তকত তেওঁ চলচ্চিত্ৰ জগতত আত্মপ্ৰকাশ কৰে।
বিগত বছৰবোৰত, তেওঁ ইয়ামলা পাগলা দিৱানা, চণ অব চাৰ্দাৰ, আৰ... ৰাজকুমাৰ, আৰু জয় হো আদি চলচ্চিত্ৰ বোৰত অভিনয় কৰি দৰ্শকৰ মন জয় কৰি অধিক জনপ্ৰিয় হৈ পৰিছিল। দিল্লীৰ ছেইণ্ট কলম্বা স্কুলৰ স্নাতক মুকুলে ৰায়বৰেলীৰ ইন্দিৰা গান্ধী ইনষ্টিটিউট অৱ এভিয়েচনৰ পৰা এৰোনটিক্সত প্ৰমাণপত্ৰও লাভ কৰিছিল।
অভিনেতাজনৰ ২৩ মে' শুকুৰবাৰে মৃত্যু হৈছিল। যোৱা কেইদিনমানত তেওঁৰ স্বাস্থ্যৰ অৱনতি ঘটা বাবে তেওঁক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল আৰু আই.চি.ইউ (ICU) তেই তেখেতৰ মৃত্যু হয়। মৃত্যুৰ কাৰণ সম্পৰ্কে এতিয়ালৈকে জানিব পৰা হোৱা নাই।
What's Your Reaction?