মহানগৰীত বৃহৎ পৰিমাণৰ জালনোট উদ্ধাৰ
মহানগৰীৰ জালুকবাৰীস্থিত ৰেডিছন ব্লু হোটেলৰ সমীপত উদ্ধাৰ হৈছে এক বৃহৎ পৰিমাণৰ জালনোট।
মহানগৰীৰ জালুকবাৰীস্থিত ৰেডিছন ব্লু হোটেলৰ সমীপত উদ্ধাৰ হৈছে এক বৃহৎ পৰিমাণৰ জালনোট। দিছপুৰ আৰক্ষীৰ অভিযানত উদ্ধাৰ হৈছে প্ৰায় ৪৫,৬৬,৫০০ লাখ টকাৰ ৫০০টকীয়া জালনোট। গ্ৰেপ্তাৰ কৰা হৈছে তিনিজন জালনোট সৰবৰাহকাৰীক। তেওঁলোক ক্ৰমে ইছলাম আলি, চাইফুল ইছলাম, চাহিল আলি। ইছলাম আলিৰ ঘৰৰ পৰা জালনোটখিনিৰ লগতে আঠখনকৈ সোণৰ নাওঁ উদ্ধাৰ হৈছে বুলি জানিব পৰা গৈছে ।
What's Your Reaction?