ডাউন টাওন উৰণ সেতু উদ্বোধন হ'ব ৬ জুলাইত

মূখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই চছিয়েল মিডিয়াৰ জৰিয়তে ঘোষণা কৰে যে ডাউন টাউনত নিৰ্মাণৰত অৱস্থাত থকা উৰণীয়া সেতুখন আগন্তুক ৬ জুলাই তাৰিখে শুভ উদ্বোধন কৰা হ'ব ।

Jun 27, 2025 - 10:46
Jun 27, 2025 - 10:58
 0  56
ডাউন টাওন উৰণ সেতু উদ্বোধন হ'ব ৬ জুলাইত

মূখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই চছিয়েল মিডিয়াৰ জৰিয়তে ঘোষণা কৰে যে ডাউন টাউনত নিৰ্মাণৰত অৱস্থাত থকা উৰণীয়া সেতুখন আগন্তুক ৬ জুলাই তাৰিখে শুভ উদ্বোধন কৰা হ'ব । জি এছ ৰোড স্থিত এই উৰণ সেতুখন ৬ জুলাইত ৰাইজৰ মাজলৈ এৰি দিয়াত বহু পৰিমাণে যান-যতৰ সমস্যা হ্ৰাস হ'ব বুলি অনুধাবন কৰা হৈছে ।

          মূখ্যমন্ত্ৰী জনে সামাজিক মাধ্যমৰৰ যোগেৰে উল্লেখ কৰে যে " গুৱাহাটীৰ যান-জঁট সমস্যা নিৰ্মূলৰ বাবে আমাৰ চৰকাৰে ইতিমধ্যে কেইবাখনো উৰণ সেতু নিৰ্মাণ কৰি গুৱাহাটী মহানগৰীখনৰ পূৰ্বৰ জটিল সমস্যাটোক লাঘৱ কৰাত বহুখিনি সফল হৈছে৷ আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ যে মহানগৰীৰ জি এছ ৰোডৰ ডাউন টাউনত আমি আন এখন উৰণ সেতু নিৰ্মাণত অনুমোদন জনাইছিলোঁ৷ নিৰ্দিষ্ট সময়ৰ পূৰ্বেই আটকধুনীয়াকৈ এই উৰণ সেতুখন নিৰ্মাণ কৰি উলিওৱা হৈছে৷ সেতুখন নির্মাণেৰে সাজু কৰি তোলা শ্ৰমিক বন্ধুসকলক অন্তৰেৰে কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ৷ 

৬ জুলাইত ৰাইজৰ সেৱার্থে এই ডাউন টাউন উৰণ সেতুখনি মুকলি কৰা হ’ব৷ এয়া আমাৰ দায়বদ্ধতাৰ আন এক বাস্তৱ প্ৰতিফলন৷"

What's Your Reaction?

like

dislike

love

funny

angry

sad

wow

Nilabh Das Journalist