কৃত্ৰিম বানৰ বাবে মহানগৰ আৰক্ষীয়ে গুৱাহাটীৰ জলমগ্ন এলেকাবোৰৰ বিকল্প ৰাস্তা ব্যৱহাৰত গুৰুত্ব আৰোপ কৰিছে
যোৱা ৫ আগষ্ট অৰ্থ্যাত সোমবাৰে নেৰানেপেৰা বৰষুণৰ ফলত মহানগৰীৰ বিভিন্ন অঞ্চলত কৃত্ৰিম বানৰ সৃস্তি হয় যাৰ ফলত বহুতো যান-যতৰ সমস্যাই দেখা দিয়ে।
যোৱা ৫ আগষ্ট অৰ্থ্যাত সোমবাৰে নেৰানেপেৰা বৰষুণৰ ফলত মহানগৰীৰ বিভিন্ন অঞ্চলত কৃত্ৰিম বানৰ সৃস্তি হয় যাৰ ফলত বহুতো যান-যতৰ সমস্যাই দেখা দিয়ে। স্কুল কলেজৰ ছাত্ৰ-ছাত্ৰী কঢ়িওৱা বাছকে আদি কৰি, চিটি বাছ, দুচকীয়া- চাৰিছকীয়া বাহন সকলোবোৰ বহু ঘন্টাজুৰি আৱদ্ধ হৈ থাকে । অনিল নগৰ-নবিন নগৰ, জু-ৰোড জি-এছ ৰোড, ৰাজগড়, চান্দমাৰি, ছয়মাইল, ৰুক্মিণীনগৰ- ৰুক্মিণীগাও, বেলতলা, ৱায়াৰলেছ আদি সকলো অঞ্চল কৃত্ৰিম বানৰ ফলত বহুতো যান যতৰ সমস্যাৰ সৃস্তি হোৱা দেখা গৈছিল।
মহানগৰ যান বাহন আৰক্ষীয়ে সোমবাৰে ৰাতিপুৱাৰ পৰা যান-বাহন পানীত আৱদ্ধ হোৱাটো এৰাই চলিবলৈ যান-বাহনৰ পথ সলনি কৰিছিল। গণেশগুৰিৰ পৰা খানাপাৰাঅভিমুখে যোৱা বাহনবোৰ চুপাৰমাৰ্কেটত লাষ্ট গেট, ৱায়াৰলেচ, বেলতলা, জয়নগৰ (ছয় মাইলৰ ফালে প্ৰৱেশ নকৰা), ষ্টাফ এডমিনিষ্ট্ৰেটিভ কলেজলৈ যাবলৈ আৰু তাৰ পিছত জিএছ ৰোডলৈ যাবলৈ সলনি কৰা হৈছিল। একেদৰে, খানাপাৰাৰ ফালৰ পৰা গণেশগুৰিঅভিমুখে যোৱা বাহনবোৰ ছয় মাইল ফ্লাইঅভাৰৰ তলত ভিআইপি পথৰ ফালে (উৰণীয়া সেঁতুত প্ৰৱেশ নকৰাকৈ) বা জয়নগৰৰ ফালে লৈ যোৱা হৈছিল। ৱায়াৰলেচত পানী জমা হোৱাৰ ফলত এই পৰিৱৰ্তিত পথটোত ভিৰ আৰম্ভ হৈছিল।
আজি মঙলবাৰে অৰ্থ্যাত ৬ আগষ্টৰ দিনাখনো বহু অঞ্চলত কৃত্ৰিম বানৰ একেই পৰিবেশেই দেখা গৈছে। জিলা প্ৰশাসনে মঙলবাৰে শিক্ষানুষ্ঠানসমূহৰ বাবে বন্ধ ঘোষণা কৰিছিল। বৰষুণৰ প্ৰায় ২৪ ঘণ্টা পিছতো গুৱাহাটীয়ে এতিয়াও স্বাভাৱিক অৱস্থালৈ ঘূৰি যাবলৈ সংগ্ৰাম কৰি আছে, আৰু যিকোনো সময়তে এই পৰিস্থিতি উন্নত হয় নে নাই সেয়া সময়ে ক'ব । ৰুক্মিণীগাওকে ধৰি বহু অঞ্চল এতিয়াও জলমগ্ন হৈয়ে আছে যাৰ ফলত যানবাহন আৰক্ষীয়ে ৰাস্তাবোৰৰ বিকম্প ৰাস্তাৰ ব্যৱহাৰৰ বাবে সস্তম হৈ আছে।
What's Your Reaction?