আজি মুকলি হ'ব ৰুক্মিণী গাঁৱৰ নৱনিৰ্মিত উৰণসেতু

আজি ৬ জুলাই দেওবাৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কোৱাৰ দৰেই গুৱাহাটীবাসীৰ বাবে মুকলি হ'ব আন এখন উৰণসেতু।

Jul 6, 2025 - 13:48
Jul 6, 2025 - 18:20
 0  146
আজি মুকলি হ'ব ৰুক্মিণী গাঁৱৰ নৱনিৰ্মিত উৰণসেতু

আজি ৬ জুলাই দেওবাৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কোৱাৰ দৰেই গুৱাহাটীবাসীৰ বাবে মুকলি হ'ব আন এখন উৰণসেতু। ৰুক্মিণী গাঁৱৰ নৱনিৰ্মিত উৰণসেতুখন আজি ৬ বজাত মুখ্যমন্ত্ৰী গৰাকীয়ে মুকলি কৰিব উৰণসেতুখন। ২০২৪ চনৰ অক্টোবৰ মাহত আৰম্ভ হৈছিল উৰণসেতুখনৰ নিৰ্মাণ কাৰ্য। নিৰ্মাণ কাৰ্যৰ বাবে ১৮ মাহৰ সময়সীমা নিৰ্ধাৰণ কৰি চুক্তি হৈছিল যদিও মাত্ৰ ন মাহ সময়ৰ ভিতৰতেই গুৱাহাটীবাসী ৰাইজৰ সুবিধাৰ্থে সম্পূৰ্ণ কৰি তুলিছে উৰণসেতুখন। প্ৰায় ৬৫০ মিটাৰ দৈৰ্ঘ্যযুক্ত উৰণসেতুখনৰ নিৰ্মাণকাৰ্যত ব্যয় হয় ১১১কোটি টকা। উল্লেখযোগ্য যে উৰণসেতুখনৰ নিৰ্মাণৰ চুক্তি মূল্য আছিল ৮৮ কোটি টকা। উৰণসেতুখন নিৰ্মাণকাৰ্য চলি থকাৰ সময়ছোৱাত বিশেষকৈ কৃত্ৰিম বানৰ সময়ছোৱাত বাৰুকৈয়ে দুৰ্ভোগ ভুগিবলগীয়া হৈছিল মহানগৰবাসীয়ে। অতি কম সময়ৰ ভিতৰতে নিৰ্মাণ কৰি ৰাইজৰ সুবিধাৰ্থে উৰণসেতুখন মুকলি কৰি দিয়া খবৰে হাঁহি বিৰিঙাইছে ৰাইজৰ মাজত। আটকধুনীয়াকৈ ৰং তুলিকাৰে ৰঙীন কৰি তুলিছে উৰণসেতুখন। সেই বিশেষ পথছোৱাত উৰণসেতুখনৰ নিৰ্মাণৰ বাবে হোৱা যি যানজঁট তাৰ পৰা সকাহ পাব গুৱাহাটীবাসীয়ে।

What's Your Reaction?

like

dislike

love

funny

angry

sad

wow

Bobita Dutta Journalist