বিশিষ্ট শিক্ষাবিদ, সাহিত্যিকৰ মৃত্যুত শোকস্তব্ধ ৰাজ্যবাসী

বিশিষ্ট শিক্ষাবিদ, সাহিত্যিক ড০ উদয়াদিত্য ভৰালীৰ আজি পুৱা ৩ বজাত দেহাৱসান হয়। দীৰ্ঘদিন ধৰি দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ আছিল সাহিত্যিকগৰাকী।

Jul 6, 2025 - 16:24
Jul 6, 2025 - 21:09
 0  74
বিশিষ্ট শিক্ষাবিদ, সাহিত্যিকৰ মৃত্যুত শোকস্তব্ধ ৰাজ্যবাসী

বিশিষ্ট শিক্ষাবিদ, সাহিত্যিক ড০ উদয়াদিত্য ভৰালীৰ আজি পুৱা ৩ বজাত দেহাৱসান হয়। দীৰ্ঘদিন ধৰি দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ আছিল সাহিত্যিকগৰাকী। মৃত্যুৰ সময়ত তেওঁ বয়স আছিল ৭৮ বছৰ। ১৯৪৭ চনত মৰাণত জন্মগ্ৰহণ কৰিছিল উদয়াদিত্য ভৰালীয়ে। কৰ্মসূত্ৰে পিতৃৰ সঘন বদলিৰ বাবে ভৰালীয়ে অসমৰ বিভিন্ন ঠাইত বুনিয়াদী আৰু হাইস্কুলীয়া শিক্ষাগ্ৰহণ কৰিবলগীয়া হৈছিল। কটন কলেজত কলেজীয়া শিক্ষা সাং কৰি তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ইতিহাস বিষয়ত স্বৰ্ণপদকসহ স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল। ১৯৬৮ চনৰ ১৪ নৱেম্বৰৰ পৰা ২০০৩ চনৰ ৩১ আগষ্টলৈ কটন কলেজৰ অধ্যাপক হিচাপে কাম কৰিছিল। কটন কলেজতে ২০০২-২০০৩ চনলৈ ইতিহাস বিভাগৰ মুৰব্বী হিচাপে তেওঁ সেৱা আগবঢ়াইছিল। আনফালে ২০০৩ চনত কটন কলেজৰ অধ্যক্ষ হিচাপে দায়িত্ব গ্ৰহণ কৰা বিশিষ্ট শিক্ষাবিদগৰাকীয়ে ২০০৬ চনত অৱসৰ গ্ৰহণ কৰিছিল। ১৯৯৬ চনত 'বেইমানৰ ঠিকনা' শীৰ্ষক গল্প সংকলনৰ বাবে তেওঁ লাভ কৰিছিল অসম সাহিত্য সভাৰ 'বিষ্ণু্প্ৰসাদ ৰাভা বঁটা'। অসমীয়া প্ৰতিদিন'ৰ আৰম্ভণিতে তেওঁ 'পৃষ্ঠভূমিৰ চিনাকি' শিৰোনামেৰে বিভিন্ন দেশৰ বিষয়ে লিখি আলোড়নৰ সৃষ্টি কৰিছিল ৷ পৰৱৰ্তী সময়ত প্ৰতিদিনতে ’প্ৰাসংগিক পাণ্ডুলিপি’ শিতানেৰে জাতীয় জীৱনৰ বহু গুৰুত্বপূৰ্ণ বিষয় তথ্যসহ যুক্তিনিষ্ঠ বিশ্লেষণৰে চিন্তাৰ নতুন বাট মোকলাইছিল সাহিত্যিক তথা চিন্তাবিদগৰাকীয়ে। এগৰাকী সফল গল্পকাৰ হিচাপেও তেওঁ অসমীয়া সাহিত্যক সমৃদ্ধ কৰিছিল। এগৰাকী ক্ৰীড়া সংগঠক, ক্ৰীড়া বিষয়ক ব্যতিক্ৰমী লেখক হিচাপেও তেওঁ সুকীয়া পৰিচয় দাঙি ধৰিছিল ৷ ২০২২ চনৰ ছেপ্টেম্বৰত তেখেতৰ গল্প সংকলন ‘ধলফাট’, প্ৰবন্ধ সংকলন ‘জাতি সমস্যাৰ প্ৰশ্ন আৰু অন্যান্য’ প্ৰকাশ পাইছিল ৷ চলিত বৰ্ষত পৰাগ কুমাৰ দাস সতীৰ্থ মঞ্চই তেওঁলৈ আগবঢ়াইছিল'পৰাগ কুমাৰ দাস সাংবাদিকতা বঁটা'। তেওঁৰ মৃত্যু সমগ্ৰ ৰাজ্যখনৰ লগতে বৌদ্ধিক মহলৰ কাৰণে এটা বিস্তৰ ক্ষতি। তেওঁৰ মৃত্যু খবৰে অনুৰাগীসকলৰ চকু সেমেকা ই তুলিছে।

What's Your Reaction?

like

dislike

love

funny

angry

sad

wow

Bobita Dutta Journalist