সাতৱিক-চিৰাগৰ বেডমিণ্টন ৱৰ্ল্ড ফেডাৰেচন (BWF) বিশ্ব চেম্পিয়নশ্বিপ ২০২৫ ৰ ছেমিফাইনেলত প্ৰৱেশ

ভাৰতৰ তাৰকা পুৰুষৰ দ্বৈত যুটি সতৱিক্সাইৰাজ ৰাঙ্কিৰেড্ডী আৰু চিৰাগ চেট্টীয়ে আকৌ এবাৰ প্ৰদৰ্শন কৰি দেখুৱাই দিলে যে তেওঁলোক কিয় বিশ্বৰ সৰ্বশ্ৰেষ্ঠ খেলুৱৈ সকলৰ ভিতৰত অন্যতম ।

Aug 30, 2025 - 11:39
Aug 30, 2025 - 21:48
 0  63
সাতৱিক-চিৰাগৰ বেডমিণ্টন ৱৰ্ল্ড ফেডাৰেচন (BWF) বিশ্ব চেম্পিয়নশ্বিপ ২০২৫ ৰ ছেমিফাইনেলত প্ৰৱেশ

বি ডব্লিউ এফ (BWF) বিশ্ব চেম্পিয়নশ্বিপ ২০২৫ ছেমিফাইনেলত সাতৱিক-চিৰাগৰ ধুমুহা ।

 ভাৰতৰ তাৰকা পুৰুষৰ দ্বৈত যুটি সতৱিক্সাইৰাজ ৰাঙ্কিৰেড্ডী আৰু চিৰাগ চেট্টীয়ে আকৌ এবাৰ প্ৰদৰ্শন কৰি দেখুৱাই দিলে যে তেওঁলোক কিয় বিশ্বৰ সৰ্বশ্ৰেষ্ঠ খেলুৱৈ সকলৰ ভিতৰত অন্যতম ।

পুৰুষৰ ডাবলছৰ কোৱাৰ্টাৰ ফাইনেলত সাত্বিক-চিৰাগৰ চমকপ্ৰদ প্ৰদৰ্শনে মালয়েছিয়াৰ যুটি এৰন চিয়া আৰু ছ’হ ৱুই য়িকক ২১-১২, ২১-১৯ ব্যৱধানত পৰাস্ত কৰি ছেমিৰ পথ প্ৰশস্ত কৰে । এই বিজয়ে সাত্বিক-চিৰাগ যুটিৰ ব্ৰঞ্জৰ পদক নিশ্চিত হৈ পৰে। পুৰুষৰ ডাবলছৰ কোৱাৰ্টাৰ ফাইনেলত সাত্বিক-চিৰাগে চমকপ্ৰদ প্ৰদৰ্শন আগবঢ়াই মালয়েছিয়াৰ যুটি এৰন চিয়া আৰু ছ’হ ৱুই য়িকক ২১-১২, ২১-১৯ ব্যৱধানত পৰাস্ত কৰি ছেমিৰ পথ প্ৰশস্ত কৰে। ইয়াৰ লগে লগে সাত্বিক-চিৰাগ যুটিয়ে পেৰিছ অলিম্পিকৰ কোৱাৰ্টাৰ ফাইনেল আৰু ২০২২ চনত বিশ্ব চেম্পিয়নশ্বিপৰ ছেমি ফাইনেলত মালয়েছিয়ান যুটিটোৰ বিৰুদ্ধে সন্মুখীন হোৱা পৰাজয়ৰো প্ৰতিশোধ পূৰ কৰে।

উল্লেখনীয় যে ২০২২ চনতো বিশ্ব বেডমিণ্টন চেম্পিয়নশ্বিপৰ ছেমি ফাইনেলত প্ৰৱেশ কৰিছিল সাত্ৱিক আৰু চিৰাগে। কিন্তু এৰন চিয়া আৰু ছ’হ ৱুই য়িকৰ বিৰুদ্ধে ছেমি ফাইনেলত পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হৈছিল । এই পৰাজয়ৰ বাবে উক্ত বছৰতোত সাত্বিক-চিৰাগ ব্ৰঞ্জৰ পদকতেই সন্তুষ্ট হ’বলগীয়া হৈছিল । ভাৰতীয় যুটিটোৱে এতিয়া শনিবাৰে ছেমিফাইনেলত চীনৰ বিশ্বৰ ১১ নম্বৰ স্থানৰ লি ইউ আৰু বো ইয়াংৰ মুখামুখি হ'ব ।

অৱশ্যে কোৱাৰ্টাৰ ফাইনেলত পি ভি সিন্ধুৱে ইণ্ডোনেছিয়াৰ পুত্ৰী কুছুমা ৱাৰ্ডানীৰ বিৰুদ্ধে ১৪-২১, ২১-১৩, ১৬-২১ ব্যৱধানত পৰাজয়ৰ সন্মুখীন হ'বলগীয়া হয় ।

What's Your Reaction?

like

dislike

love

funny

angry

sad

wow

Nilabh Das Journalist