আজি মা কামাখ্যা দৰ্শন কৰিলে বলিউডৰ তাৰকা গোবিন্দাই
আজি নীলাচলৰ মা কামাখ্যা দেৱীৰ আশীষ ল'বলৈ কামাখ্যা ধামত উপস্থিত হ'ল বলিউডৰ তাৰকা গোবিন্দা। যোৱা শনিবাৰে গুৱাহাটীত উপস্থিত হৈছিল তাৰকাগৰাকী। যোৰাবাটৰ এক বিশেষ অনুষ্ঠানত অংশগ্ৰহণৰ বাবে অসমলৈ আহিছিল তাৰকাগৰাকী। কামাখ্যা ধামত উপস্থিত হৈ সকলো দোষৰ পৰা মুক্ত হোৱাৰ কামনা আৰু আশীষ বিচাৰি পুৱাৰ ভাগত পূজা-অৰ্চনা আগবঢ়ায় বলিউডৰ তাৰকাগৰাকীয়ে।
What's Your Reaction?