ঝাৰখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰী শিবু ছোৰেনেৰ দেহাৱসান

Aug 4, 2025 - 20:16
 0  106
ঝাৰখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰী শিবু ছোৰেনেৰ দেহাৱসান

'দিশম গুৰু' নামেৰে জনাজাত শিবু শোৰেন ১৯ জুনৰ পৰা দিল্লীৰ ছাৰ গংগা ৰাম চিকিৎসালয়ত  চিকিৎসাধীন হৈ আছিল আৰু ৪ আগষ্টৰ পুৱা ৮.৫৬ বজাত তেওঁক মৃত ঘোষণা কৰা হৈছিল।

শিবু ছোৰেনৰ মৃত্যুৰ এই তথ্য সামাজিক মাধ্যম যোগে প্ৰকাশ কৰিছে তেওঁৰ পুত্ৰ তথা ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত ছোৰেনে। জানিব পৰা মতে তেওঁ‌ কিডনী সম্পৰ্কীয় সমস্যাৰ উপৰিও আন বহু স্বাস্থ্যজনিত সমস্যাত ভুগি আছিল । মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৮১ ।

 শিবু ছোৰেন ঝাৰখণ্ড মুক্তি মৰ্চাৰ (জেএমএম) নেতা আছিল। তেওঁ আগতে ঝাৰখণ্ডৰ তৃতীয় মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল । প্ৰথমে ২০০৫ চনত ১০ দিনৰ বাবে (২ মাৰ্চৰ পৰা ১২ মাৰ্চলৈ) তাৰ পিছত ২০০৮ চনৰ পৰা ২০০৯ চনলৈ আৰু পুনৰ ২০০৯ চনৰ পৰা ২০১০ চনলৈ। তেওঁ ভাৰত মিত্ৰজোঁটৰ এক অংশীদাৰ জেএমএমৰ সভাপতিও আছিল। শোৰেন ১৯৮০ চনৰ পৰা ১৯৮৪ চনলৈ, ১৯৮৯ চনৰ পৰা ১৯৯৮ চনলৈ আৰু ২০০২ চনৰ পৰা ২০১৯ চনলৈ দুমকাৰ পৰা লোকসভাৰ সাংসদ হিচাপে নিৰ্বাচিত হৈছিল । ইয়াৰ উপৰিও শিবু ছোৰেনে কেন্দ্ৰৰ নৰসিংহ ৰাও আৰু মনমোহন সিং চৰকাৰ মন্ত্ৰীসভাতো স্থান লাভ কৰিছিল। তেওঁ কেন্দ্ৰীয় কেবিনেটত তিনিবাৰ কয়লা মন্ত্ৰী হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল । ২০০৪ চনত, ২০০৪ চনৰ পৰা ২০০৫ চনলৈ আৰু ২০০৬ চনত । প্ৰতিষ্ঠা কালৰে পৰা ঝাৰখণ্ড মুক্তি মৰ্চাৰ সভাপতিৰ দায়িত্ব পালন কৰি অহাৰ পিছত চলিত বৰ্ষ অৰ্থাৎ ২০২৫ চনৰ ১৫ এপ্ৰিলত তেওঁ দলৰ সভাপতি আসন ত্যাগ কৰিছিল।

What's Your Reaction?

like

dislike

love

funny

angry

sad

wow

Nilabh Das Journalist