বজালী জিলাৰ পাঠশালাত দিন দুপৰতে এ টি এম(ATM) ত চুৰিকাণ্ড
বজালী জিলাৰ পাঠশালাত যোৱা ১৪ ফেব্ৰুৱাৰী ২০২৫ তাৰিখ শুক্ৰবাৰে নগৰখনত থকা বিচাৰ্নালা জানৰ ওচৰত অৱস্থিত State Bank Of India ৰ এ টি এমত ৰামেশ্বৰ চৌধুৰী নামৰ ব্যক্তিজনে টকা উলিয়াই থকা
বজালী জিলাৰ পাঠশালাত যোৱা ১৪ ফেব্ৰুৱাৰী ২০২৫ তাৰিখ শুক্ৰবাৰে নগৰখনত থকা বিচাৰ্নালা জানৰ ওচৰত অৱস্থিত State Bank Of India ৰ এ টি এমত ৰামেশ্বৰ চৌধুৰী নামৰ ব্যক্তিজনে টকা উলিয়াই থকা অৱস্থাত দুজন অচিনাক্ত যুৱকে চৌধুৰীক সন্মোহিত(Hypnotize) কৰি এ টি এম কাৰ্ডৰ পিনটো সংগ্ৰহ কৰি তেখেতৰ এ টি এম কাৰ্ডখ্ন লৈ সিহতে অন্য এখন এ টি এম কাৰ্ড মেচিনত সোমাই উধাও হয়। জানিব পৰা মতে চৌধুৰীৰ ঘৰ পাঠশালা চহৰৰ নিকতাৱৰ্তি বৰবাং গাওঁত। তেওঁ এজন অৱসৰপ্ৰাপ্ত আৰক্ষী, তেখেতৰ দুজনী কন্যা আৰু দুজন লৰা সন্তান আছে যদিও কৰ্ম সুত্ৰে আটাইকেইজন বাহিৰত থকাৰ পৰিপ্ৰেক্ষিতত ঘৰৰ গোটেই কাম তেখেতেই কৰিবলগীয়া হয়। সেইদিনাখন অৰ্থ্যাৎ ১৪ ফেব্ৰুৱাৰী তাৰিখে এ টি এমৰ পৰা টকা উলিয়াব যাওতে উক্ত ঘটনাটো সংঘটিত হয়। ভুক্তভোগিৰ ভাষ্য অনুসৰি ধৃত ব্যক্তি দুজন এখন চাৰিচকীয়া বাহনত আহিছিল আৰু তেখেত এ টি এম ৰ ভিতৰত সোমোৱা পিছত সিহতো এ টি এমত প্ৰৱেশ কৰিছিল। সময় বুজি সিহতে চৌধুৰীৰ এ টি এম কাৰ্ডখনৰ পৰিৱৰ্তে অন্য এখন কাৰ্ড এ টি এমত লগাই আৰু সেই ভৰাই ঠোৱা কাৰ্ডখন উলিয়ালে বেংকৰ আটাইখিনি ধন আৎমসাত হ'ব বুলি সকিয়নি দি সিহত উধাও হয় । সেইখিনি সময়ত চৌধুৰী অবাক হৈ চাই ৰয় আৰু সিহতে নগৰখনৰ অন্য এটা এ টি এমৰ পৰা ৫০০০ টকা উলিয়াই। অন্যহাতে চৌধুৰীয়ে বাস্তব অৱস্থালৈ ঘুৰি অহাৰ পিছতে টটাতয়াকৈ State Bank Of India ৰ পাঠশালা শাখাত গৈ এ টি এম কাৰ্ডখ্ন বন্ধ কৰি দিয়ে যাৰফলত ধৃত ব্যক্তি দুজনে অধিক ধন উলিয়াবলৈ সক্ষম নহ'ল।
ভুক্তভোগী চৌধুৰীয়ে পাঠশালা আৰক্ষী থানাত ইয়াৰ বিৰুদ্ধে এখন এফ আই আৰ ৰুজু কৰে আৰু লগতে ধৃত ব্যক্তি দুজনে দি যোৱা এ টি এম কাৰ্ডখন আৰক্ষীক চমজাই দিয়ে। পাঠশালা আৰক্ষীয়ে এতিয়া কিমান সোনকালে দোষিক কৰায়ত্ত কৰিব পাৰে সেইটো সময়ত দেখিব পোৱাযাব।
What's Your Reaction?