আজি গণেশ চতুৰ্থী
ঔঁ একদান্তায় বিদ্মাহে বাক্ৰতুন্দয়া ধিমহি, তান্নো বুদ্ধি প্ৰচোদয়াত। আজি গণেশ পূজা। আজি ভাদ মাহৰ শুক্লা একাদশীৰ চতুৰ্থী তিথি।
ঔঁ একদান্তায় বিদ্মাহে বাক্ৰতুন্দয়া ধিমহি, তান্নো বুদ্ধি প্ৰচোদয়াত। আজি গণেশ পূজা। আজি ভাদ মাহৰ শুক্লা একাদশীৰ চতুৰ্থী তিথি। এই পবিত্ৰ ক্ষণতে সমগ্ৰ দেশৰ লগতে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে উলহ-মালহেৰে উদযাপন কৰা হৈছে গণেশ পূজা। আজি পুৱাৰে পৰা গণেশ মন্দিৰসমূহত ভক্তৰ লানি-নিচিগা দীঘলীয়া শাৰী। প্ৰত্যেকজন ভক্তই গণেশৰ প্ৰিয় দুৰ্বা( দুবৰি) ,ৰক্ত জবা, বুন্দিয়াৰ লাড়ু,গুৰ আদিৰ ভোগ তেওঁৰ চৰণত অৰ্পণ কৰি এগছি বন্তি জ্বলাই, জীৱনৰ সকলো বাধা-বিঘিনি দূৰ কৰি সৰ্বতোপ্ৰকাৰৰ মংগলৰ বাবে ভগৱান গণেশৰ শৰণাপন্ন হৈছে।গণেশ পূজাৰ পৰাই আৰম্ভণি হয় শাৰদীয় দুৰ্গোৎসৱৰ।গণেশ ভগৱানক যিহেতু বিঘ্নহৰ্তা বুলি কোৱা হয়। বৈদিক নিয়ম অনুসৰি সকলো পূজাৰ আৰম্ভণিতে গণেশ পূজা উদযাপন কৰা হয়। গণেশ পূজা মূলতঃ মহাৰাষ্ট্ৰৰ মাৰাঠীসকলৰ এক জাতীয় উৎসৱ। মহাৰাষ্ট্ৰত দহ দিনীয়া কাৰ্যসূচীৰে অতি উলহ-মালহেৰে উদযাপন কৰা হয় এই গণেশ চতুৰ্থী। মহাৰাষ্ট্ৰৰ সমান্তৰালকৈ আজি অসমতো ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে গুৱাহাটীৰো বিভিন্ন প্ৰান্তত বহুত উলহ-মালহেৰে উদযাপন কৰিছে গণেশ চতুৰ্থী।
What's Your Reaction?