২০২৪ বৰ্ষৰ তুলনাত ২০২৫ বৰ্ষত হ্ৰাস পালে উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ উত্তীৰ্ণৰ হাৰ

Apr 30, 2025 - 09:16
Apr 30, 2025 - 23:34
 0  88
২০২৪ বৰ্ষৰ তুলনাত ২০২৫ বৰ্ষত হ্ৰাস পালে উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ উত্তীৰ্ণৰ হাৰ

বুধবাৰে ঘোষণা কৰা হ'ল উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ ফলাফল। ২০২৪ বৰ্ষৰ তুলনাত ২০২৫ বৰ্ষত কলা, বাণিজ্য আৰু বিজ্ঞান এই তিনিয়োটা শাখাতে উত্তীৰ্ণৰ হাৰ হ্ৰাস পাইছে।

            যোৱা বৰ্ষৰ তুলনাত এই বৰ্ষত কলা শাখাত হ্ৰাস পালে ৭.৩৩ শতাংশ। ২০২৪ বৰ্ষত কলা শাখাত উত্তীৰ্ণৰ হাৰ আছিল ৮৮.৩৬ শতাংশ আৰু এইবাৰ অৰ্থাৎ ২০২৫ বৰ্ষত উত্তীৰ্ণৰ হাৰ হ'ল ৮১.০৩ শতাংশ। 

            ঠিক একেদৰে বিজ্ঞান শাখাটো যোৱা বাৰতকৈ এইবাৰ ৫ শতাংশ উত্তীৰ্ণৰ হাৰ হ্ৰাস পোৱা দেখা গৈছে। ২০২৪ চনত বিজ্ঞান শাখাত উত্তীৰ্ণৰ হাৰ আছিল ৮৯.৮৮ শতাংশ আৰু এইবাৰ উত্তীৰ্ণৰ হাৰ হ'ল ৮৪.৮৮ শতাংশ।

            বাণিজ্য শাখাত উত্তীৰ্ণৰ হাৰ হ্ৰাস পালে ৫.৪৮ শতাংশ। অৰ্থাৎ ২০২৪ বৰ্ষত বাণিজ্য শাখাত উত্তীৰ্ণৰ হাৰ আছিল ৮৭.৬৬ শতাংশ আৰু এইবাৰ ২০২৫ বৰ্ষত উত্তীৰ্ণৰ হাৰ হ'ল ৮২.১৮ শতাংশ ।

What's Your Reaction?

like

dislike

love

funny

angry

sad

wow

Nilabh Das Journalist