উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল ১২ টা ৱেবচাইটৰ জৰিয়তে শিক্ষাৰ্থীয়ে চাব পাৰিব

কাইলৈ ঘোষণা হ'ব উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ ফলাফল । এই কথা শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে সামাজিক মাধ্যমযোগে ঘোষণা কৰে।
এইবাৰ সৰ্বমুঠ ৩০২৪২০ গৰাকী শিক্ষাৰ্থী অৱতীৰ্ণ হৈছিল উচ্চতৰ মাধ্যমিক পৰীক্ষাত। কলা শাখাত ২,৩০,০৯১জন, বিজ্ঞান শাখাত ৫৭,৭২৪ জন আৰু বাণিজ্য শাখাত ১৭,৮৬৯ জন শিক্ষাৰ্থীয়ে পঞ্জীয়ন কৰিছিল।
বুধবাৰে পুৱা ৯:০০ বজাৰ লগে লগে ৱেবছাইটত ছাত্ৰ-ছাত্ৰীসকলে চাব পাৰিব কলা, বিজ্ঞান, বাণিজ্য আৰু ভকেচনেল শাখাৰ ফলাফল।শিক্ষাৰ্থীসকলে অনলাইনযোগে মুঠ ১২টা ৱেবছাইটত ফলাফল চাব পাৰিব। যিকেইটা ৱেবচাইটত ফলাফল উপলব্ধ হ'ব সেইবোৰ শিক্ষামন্ত্ৰী ড° পেগুৱে সামাজিক মাধ্যমযোগে প্ৰকাশ কৰিছে। ৱেবচাইট কেইটা হ'ল-----
ahsec.assam.gov.in
assamresult.in
assamjobalerts.com
indiaresults.com
schools9.com
results.shiksha24.in
iresults.in
iresults.net
vidyavision.com
jagranjosh.com
ndtv.com
indianexpress.com
What's Your Reaction?






