উত্তৰাখণ্ডত হেলিকপ্টাৰ দুৰ্ঘটনাত নিহত ৭ জন, যোৱা ৬ সপ্তাহত এইটো ৫ম ঘটনা
গুপ্তকাশীৰ পৰা কেদাৰনাথ ধামলৈ সাতজন লোকক কঢ়িয়াই নিয়া আৰ্য এভিয়েচনৰ কোম্পানীৰ এখন হেলিকপ্টাৰ গৌৰীকুণ্ডৰ অৰণ্যত দুৰ্ঘটনাগ্ৰস্ত হয়। বিমানখনত থকা পাইলট সহ সাতজন লোকৰ থিতাতে নিহত হয়। তেওঁলোক হ'ল পাইলট ৰাজবীৰ, বিক্ৰম ৰাৱট, বিনোদ, ত্ৰিশী সিং, ৰাজকুমাৰ, শ্ৰদ্ধা আৰু ১০ বছৰীয়া ৰাশি।
উল্লেখযোগ্য যে দেওবাৰে পুৱা উত্তৰাখণ্ডৰ গৌৰীকুণ্ড বনাঞ্চলত এখন হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত হয় যাৰ ফলত বিমানখনত থকা পাইলট সহ সাতজন লোকৰ মৃত্যু হয়। হেলিকপ্টাৰখন কেদাৰনাথ ধামৰ পৰা গুপ্তাকাশীলৈ ৫.১৭ বজাত উৰা মাৰিছিল আৰু কিছু সময়ৰ পিছত গৌৰীকুণ্ডৰ সমীপত দুৰ্ঘটনা সংঘটিত হয়। বেয়া বতৰৰ ফলত হোৱা এই দুৰ্ঘটনাত হেলিকপ্টাৰখনৰ ধ্বংসাৱশেষৰ অৱশিষ্ট সিঁচৰতি হৈ পৰে। হেলিকপ্টাৰখনত থকা লোকসকল উত্তৰাখণ্ড, উত্তৰ প্ৰদেশ, মহাৰাষ্ট্ৰ আৰু গুজৰাটৰ বুলি জানিব পৰা গৈছে। বেয়া বতৰৰ বাবেই এই দুৰ্ঘটনা সংঘটিত হয় বুলি জানিব পৰা গৈছে। ঘটনাৰ পিছতে এন ডি আৰ এফ (NDRF) দল উপস্থিত হয়। কিন্তু বতৰ বেয়াৰ বাবে উদ্ধাৰ কামতো কিছু অসুবিধাৰ সন্মুখীন হৈছে। ধোঁৱা দেখি ঘাঁহ কাটি থকা মহিলাই এই ঘটনাৰ খবৰ দিয়ে। এই সমগ্ৰ ঘটনাক লৈ শোক প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীয়ে।
উল্লেখযোগ্য যে এই ঘটনাটো মাত্ৰ ছয় সপ্তাহৰ ভিতৰত উত্তৰাখণ্ডত পঞ্চম হেলিকপ্টাৰ দুৰ্ঘটনা বুলি চিহ্নিত কৰা হৈছে।
What's Your Reaction?