বহু প্ৰত্যাশাৰ অন্তত ২৭ জুনত ছবিগৃহলৈ ‘ৰুদ্ৰ’
২৭ জুনত ছবিগৃহলৈ আহি আছে চলিত বৰ্ষৰ সকলোৰে বাবে বহু প্ৰত্যাশিত ছবি ‘ৰুদ্ৰ’। শ্যাম প্ৰডাকশ্যনৰ বেনাৰত নিৰ্মাণ কৰা এই নতুন অসমীয়া ছবিখনৰ পৰিচালনা ৰূপক গগৈৰ।
২৭ জুনত ছবিগৃহলৈ আহি আছে চলিত বৰ্ষৰ সকলোৰে বাবে বহু প্ৰত্যাশিত ছবি ‘ৰুদ্ৰ’। শ্যাম প্ৰডাকশ্যনৰ বেনাৰত নিৰ্মাণ কৰা এই নতুন অসমীয়া ছবিখনৰ পৰিচালনা ৰূপক গগৈৰ। সংগীত কৰিছে দিগন্ত ভাৰতী আৰু ইবছনলাল বৰুৱাই। এই নতুন অসমীয়া ছবিখন অসমৰ আইন-শৃংখলা পৰিস্থিতি আৰু বিদ্ৰোহী সংগঠনৰ আলমত নিৰ্মাণ কৰা হৈছে। প্ৰায় ২ কোটি টকাৰ বাজেটেৰে সাজু হৈ উঠিছে ৰুদ্ৰ।
মুখ্য চৰিত্ৰত অভিনয় কৰিছে ৰবি শৰ্মাই। প্ৰথমবাৰৰ বাবে স্ক্ৰীণ শ্বেয়াৰ কৰিছে আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন অভিনেতা আদিল হুছেইন আৰু ৰবি শৰ্মাই। লগতে অৰ্চিতা আগৰৱাল, নন্দিনী কাশ্যপ, জয় কাশ্যপ, অলক নাথ, ৰাজীৱ ক্ৰ', ৰাজীৱ দুৱৰী, নিলোৎপল বৰা, চেতনা দাস, প্ৰতিভা চৌধুৰী, হিমাংশু গগৈ, হিমাংশু প্ৰসাদ দাস, ৰাজীৱ গোস্বামী, অন্তৰা জি জি চৌধুৰী, নৱ মহন্ত, ভাৰ্গৱ কটকী আদিকে ধৰি বহু ন-পুৰণি অভিনেতা-অভিনেত্ৰীয়ে। ছবিখনত অভিনয় কৰিছে কেইবাগৰাকীও প্ৰতিভাৱান শিশু শিল্পী আধ্যাশ্ৰী উপাধ্যায়, কুহাৰ ভাৰতী, নব্য নিত্যম দৰ্শন বৰুৱা। ৰুদ্ৰত দেখা পাব নৃত্য প্ৰদৰ্শনৰে সমগ্ৰ দেশবাসীৰ মন মোহিত কৰা আধ্যাশ্ৰী উপাধ্যায়ক এক নতুন ৰূপত।
প্ৰযোজক আৰু পৰিৱেশক হিচাপে আছে ৰাজেশ কুমাৰ ম’ৰ ৷ ছবিখনৰ কাৰ্যবাহী প্ৰযোজক হৃষিকেশ ভট্টাচাৰ্য আৰু পৱন ম’ৰ ।
ছবিখনত ৰবি শৰ্মাক দুটা বেলেগ ৰূপত দেখিবলৈ পাব দৰ্শকে। সোমবাৰে অনুৰাধা চিনেমা হলত চিনেমাখনৰ বিশেষ দৰ্শনী অনুষ্ঠিত হয়। বিশেষ দৰ্শনীত উপস্থিত থাকে সাংস্কৃতিক মন্ত্ৰী বিমল বৰা। দৰ্শনী উপভোগ কৰাৰ পাছত যোগাত্মক প্ৰতিক্ৰিয়া দেখিবলৈ পোৱা গৈছে দৰ্শকৰ মাজত। ছবিখনে দৰ্শকৰ অভূতপূৰ্ব সঁহাৰি লাভ কৰিব বুলি আশা সকলো কলা-কুশলীৰ।
What's Your Reaction?