কাইলৈ ঘোষণা হ'ব উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষ (২০২৫)ৰ পৰীক্ষাৰ ফলাফল
কাইলৈ ঘোষণা হ'ব উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ ফলাফল । এই কথা শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে সামাজিক মাধ্যমযোগে ঘোষণা কৰে। ফলাফল সন্দৰ্ভত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমত পোষ্ট শ্বেয়াৰ কৰি শিক্ষাৰ্থী সকলক শুভেছা জ্ঞাপন কৰে।
কাইলৈ অৰ্থাৎ বুধবাৰে ৰাতিপুৱা ৯:০০ বজাৰ লগে লগে কলা, বাণিজ্য, বিজ্ঞান আৰু ভকেচনেল শাখাৰ ফলাফল ঘোষণা কৰা হ’ব। অসম ৰাজ্যিক বিদ্যালয় শিক্ষা বৰ্ডে আজি জাননী প্ৰকাশ কৰিব।
এইবাৰ সৰ্বমুঠ ৩০২৪২০ গৰাকী শিক্ষাৰ্থী অৱতীৰ্ণ হৈছিল উচ্চতৰ মাধ্যমিক পৰীক্ষাত। কলা শাখাত ২,৩০,০৯১জন, বিজ্ঞান শাখাত ৫৭,৭২৪ জন আৰু বাণিজ্য শাখাত ১৭,৮৬৯ জন শিক্ষাৰ্থীয়ে পঞ্জীয়ন কৰিছিল। শিক্ষাৰ্থীসকলে অনলাইনযোগে ফলাফল চাব পৰা ৱেবছাইট কেইটা হ'ল- ahsec.assam.gov.in , indiaresults.com , assamresult.co.in , assamresult.in.
What's Your Reaction?