গুৰুতৰভাৱে অসুস্থ সকলোৰে প্ৰিয় অভিনেতা জয়ন্ত ভাগৱতী
গুৰুতৰভাৱে অসুস্থ প্ৰবীণ অভিনেতা জয়ন্ত ভাগৱতী। বৰ্তমান গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে অভিনেতাগৰাকীয়ে। জানিব পৰা মতে তেওঁ ৰাতি টোপনিৰ পৰা উঠোতে পিছল খাই পৰি আঘাতপ্ৰাপ্ত হয়।
গুৰুতৰভাৱে অসুস্থ প্ৰবীণ অভিনেতা জয়ন্ত ভাগৱতী। বৰ্তমান গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে অভিনেতাগৰাকীয়ে। জানিব পৰা মতে তেওঁ ৰাতি টোপনিৰ পৰা উঠোতে পিছল খাই পৰি আঘাতপ্ৰাপ্ত হয়। ইয়াৰ পিছত তেওঁক ততাতয়াকৈ গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।
চিকিৎসালয়ৰ বিচনাৰ পৰাই অভিনেতাজনে ৰাইজৰ আশীৰ্বাদ বিচাৰিছে।
পিছলি পৰাৰ পাছতে তাৎক্ষণিকভাৱে গুৱাহাটীৰ KGMT হাস্পতালত ভৰ্তি কৰোৱা হয় অভিনেতা জয়ন্ত ভাগৱতীক । চিকিৎসালয়ৰ বিচনাৰ পৰাই অভিনেতাজনে ৰাইজৰ আশীৰ্বাদ বিচাৰিছে। কোনো সদাশয় ব্যক্তিয়ে অভিনেতাজনক সহায় কৰিব বিচাৰিলে তেখেতৰ নিউ গুৱাহাটী বামুণীমৈদাম SBI শাখাৰ একাউণ্ট নং (Ac No)10567095029 , আই এফ এচ চি কোড (IFSC Code) SBIN0000221 ত আৰ্থিক সাহায্য প্ৰদান কৰিব পাৰিব ।
অসমীয়া সাংস্কৃতিক জগতত তেওঁৰ অৱদান উল্লেখনীয়। জয়ন্ত ভাগৱতীয়ে অভিনয় কৰা চলচ্চিত্ৰসমূহৰ ভিতৰত উল্লেখযোগ্য অগ্নিগড়, দেউতা ৰাজা, জেতুকা পাতৰ দৰে, অধিনায়ক, আজান ফকিৰ চাহেব, কইনা মোৰ ধুনীয়া, কাদম্বৰী, সৰু বোৱাৰী, ককা-দেউতাৰ ঘৰ জোৱাঁই, বন্ধন, গোলাই চোৰ আদি। অন্যহাতে তেওঁ জোনবাই, লখিমী, অচিনাকি মন, অঞ্জনা, পখিলা, নিলামতীৰ বিয়াকে ধৰি বহু ভিচিডিত অভিনয় কৰা লগতে বহুতো জনপ্ৰিয় অসমীয়া ধাৰাবাহিকতো তেওঁ অভিনয় কৰিছিল।
What's Your Reaction?