আছুৰ মুখ্য উপদেষ্টা ড° সমুজ্জ্বল কুমাৰ ভট্টাচার্যৰ মাতৃৰ দেহাৱসান
মাতৃহাৰা হ'ল সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ড° সমুজ্জ্বল কুমাৰ ভট্টাচার্য । বাৰ্ধক্যজনিত কাৰণত তেওঁৰমাতৃ অৰ্থাৎ বীণা ভট্টাচাৰ্যই সোমবাৰে নিশা ১১ মান বজাত নিজৰ গুৱাহাটীস্থিত বাসগৃহতে শেষ নিশ্বাস ত্যাগকৰে। মৃত্যুৰ সময়ত তেওঁৰ বয়স ৯৫ বছৰ আছিল ।
মংগলবাৰে পুৱা ১০.৩০ বজাত পৰিয়ালৰ সদস্য আৰু আত্মীয়স্বজনৰ উপস্থিতিত নৱগ্ৰহ শ্মশানত তেওঁৰশেষকৃত্য সম্পন্ন কৰা হয় ।
বীণা ভট্টচাৰ্য এগৰাকী অসম আন্দোলনৰ অগ্রণী কর্মী আছিল । তেওঁৰ জন্ম হৈছিল ১৯৩০ চনৰ ৩অক্টোবৰ তাৰিখে । তেওঁ ক্ৰমে ডিব্রুগড় মিছনেৰী স্কুল, জগন্নাথ বৰুৱা মহাবিদ্যালয় (যোৰহাট), সন্দিকৈ ছোৱালীমহাবিদ্যালয় (গুৱাহাটী) আৰু দৰং মহাবিদ্যালয় (তেজপুৰ) ত শিক্ষাগ্রহণ কৰিছিল । তেখেতৰ মৃত্যুত আছুকেধৰি বিভিন্ন দল-সংগঠ্ন আৰু ৰাজনৈতিক নেতাই শোক প্ৰকাশ কৰিছে ।
What's Your Reaction?