উত্তপ্ত মৰিয়নি চাহবাগিচা

Jun 23, 2025 - 23:06
Jun 23, 2025 - 23:18
 0  69
উত্তপ্ত মৰিয়নি চাহবাগিচা

যোৰহাট জিলাৰ মৰিয়নিৰ কঠালগুৰি চাহ বাগিচাত আজি এজন শ্ৰমিকৰ মৃত্যুৰ পিছতেই সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতিৰ । অতিৰিক্ত কেঁচা চাহপাত কঢ়িওৱা এখন বাহন দুৰ্ঘটনাত পতিত হোৱাৰ ফলত এজন শ্ৰমিকৰ মৃত্যু হোৱাৰ পিছতেইএনে পৰিস্থিতিৰ সৃষ্টি হয়। জানিব পৰা মতে, বাহনখন এটা নলাৰ ওচৰত লুটি খাই বাগৰি পৰাৰ ফলত চাৰিজন শ্ৰমিক জঁপিয়াই দিছিল যদিও আন এজন শ্ৰমিকৰ ওপৰত বাহনখন পৰি যায়। বাগিচাখনৰ ২ নম্বৰ ছেকছনত সংঘটিত হোৱা এই দুৰ্ঘটনাটোত গুৰুতৰভাৱে আহত হয় বাহনখনত থকা পাঁচজনকৈ শ্ৰমিক । ইয়াৰে দীপক প্ৰজা নামৰ শ্ৰমিকজনে যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ নিয়াৰ পথতে মৃত্যুক আকোঁৱালি লয়। আনহাতে, এই ঘটনাটোত আহত হয় বাহনখনৰ চালকজনো। ঘটনা সংঘটিত হওতে আহতসকলক উদ্ধাৰ কৰিবলৈ এখনো এম্বুলেন্স নথকাৰ বাবেই ক্ষোভিত হৈ পৰে বাগিচাৰ শ্ৰমিকসকল, লগে লগে সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ। বাগিচাৰ জৰাজীৰ্ণ পথ আৰু বাহনখনো পুৰণিকলীয়া হোৱাৰ বাবে দুৰ্ঘটনাটো সংঘটিত হয় বুলি অভিযোগ উত্থাপন কৰিছে ক্ষুব্ধ শ্ৰমিকসকলে। এই ঘটনাটোৰ সন্দৰ্ভত ন্যায় বিচাৰিছে অসম চাহ মজুদৰ সংঘই ।

What's Your Reaction?

like

dislike

love

funny

angry

sad

wow

Bobita Dutta Journalist