কলকাতাত হ'বলগীয়া কেকেআৰ(KKR) বনাম এলএছজি(LSG) খেলখন গুৱাহাটীলৈ স্থানান্তৰ

Mar 22, 2025 - 18:26
Mar 23, 2025 - 12:46
 0  121
কলকাতাত হ'বলগীয়া কেকেআৰ(KKR) বনাম এলএছজি(LSG) খেলখন গুৱাহাটীলৈ স্থানান্তৰ

ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব'ৰ্ডে (BCCI) কলকাতা নাইট ৰাইডাৰ্ছ (KKR) আৰু লক্ষ্ণৌ চুপাৰ জায়াণ্টছ (LSG)ৰ মাজত ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (IPL)ৰ খেলখন কলকাতাৰ পৰা গুৱাহাটীলৈ স্থানান্তৰিত কৰিছে। ক্ৰিকেট এছ'চিয়েশ্যন অৱ বেংগল (CAB)ৰ সভাপতি স্নেহাসিশ গাংগুলীয়ে বৃহস্পতিবাৰে জনোৱা মতে একেদিনাই চহৰখনত 'ৰাম নৱমী' উদযাপন কৰা হ'ব। আৰক্ষীয়ে আই পি এল(IPL) খেলখনৰ বাবে নিৰাপত্তা প্ৰদান কৰিবলৈ হয়টো সক্ষম নহ'ব যাৰ পৰিপ্ৰেক্ষিতত ৬ এপ্ৰিলত লক্ষ্ণৌ চুপাৰ জায়াণ্টছৰ বিৰুদ্ধে কলকাতা নাইট ৰাইডাৰ্ছৰ ঘৰুৱা খেলখন গুৱাহাটীলৈ স্থানান্তৰিত কৰিব লগা হ'ল। উল্লেখযোগ্য যে বিজেপি নেতা সুভেন্দু অধিকাৰীয়ে আগতেই ঘোষণা কৰিছিল যে ৰাম নৱমি উপলক্ষে সমগ্ৰ পশ্চিম বংগত ২০,০০০ ৰো অধিক শোভাযাত্ৰা আয়োজন কৰা হ'ব।

    

What's Your Reaction?

like

dislike

love

funny

angry

sad

wow

Nilabh Das Journalist