আজি ৰাজ্যত উদযাপন হ'ল কৰম পূজা

অসমত কৰম পৰব বা কৰম পূজা বছৰৰ তিনিটা সময়ত আয়োজন কৰা হয়। ভাদ, আহিন আৰু আঘোণ মাহত কৰম পূজা পালন কৰা হয়।

Sep 3, 2025 - 21:12
Sep 3, 2025 - 21:24
 0  83
আজি ৰাজ্যত উদযাপন হ'ল কৰম পূজা

অসম এখন বৈচিত্ৰ্যপূৰ্ণ ৰাজ্য। অসমত নানা জাতি জনগোষ্ঠীৰ লোকে বাস কৰে। এই বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত অসমত বৈচিত্ৰ্যৰ মাজত ঐক্য বিৰাজমান। অসমত বাস কৰা এটা গুৰুত্বপূৰ্ণ জনগোষ্ঠী হৈছে চাহ জনগোষ্ঠী। আজি সেই জনগোষ্ঠী লোকসকলৰ জাতীয় উৎসৱ কৰম পূজা। অসমৰ চাহ জনগোষ্ঠী আদিবাসী ৰাইজৰ এক সৰ্বজনীন, জনপ্ৰিয় আৰু তাৎপৰ্য্যপূৰ্ণ অনুষ্ঠানই হৈছে কৰম পূজা। ই মুখ্যতঃ এক কৃষিভিত্তিক পূজা। কৃষিকৰ্মত যাতে প্ৰকৃতিৰ পৰা কোনোধৰণৰ বাধা-বিঘিনি নাহে আৰু লগতে শস্যৰ উৎপাদন ভাল হয় তাৰ উদ্দেশ্যে এই পূজা পালন কৰা হয়। ঠাইভেদে এই পূজাৰ মিল নাথাকিলেও ইয়াৰ সম্বন্ধ মূলতঃ প্ৰকৃতিৰ লগত। ই এক প্ৰকাৰ উৰ্বৰতাৰ উৎসৱ। 

অসমত কৰম পৰব বা কৰম পূজা বছৰৰ তিনিটা সময়ত আয়োজন কৰা হয়। ভাদ, আহিন আৰু আঘোণ মাহত কৰম পূজা পালন কৰা হয়। ক'ৰবাত তিনি দিন, ক'ৰবাত পাঁচ দিন আৰু ক'ৰবাত সাত দিন ধৰি এই পূজা পালন কৰা হয়। ভাদ মাহৰ শুক্লা-একাদশী তিথিত উদযাপন কৰা কৰম পূজাক 'ৰাজ কৰম' বা 'ৰাজি কৰম'বা 'ডাল কৰম' বোলে। আহিন মাহৰ বিজয়া দশমীৰ দিনা উদযাপন কৰা কৰমক 'বুড়ী কৰম' বোলে। আকৌ আঘোণ মাহৰ পূৰ্ণিমা তিথিত উদযাপন কৰা কৰমক 'জিতিয়া কৰম' বোলে।

কৰম পূজাৰ 'জাৱা জগোৱা' নামৰ অনুষ্ঠানটোৱেই আটাইতকৈ আৱশ্যকীয় আৰু শ্ৰেষ্ঠ অনুষ্ঠান বুলি গণ্য কৰা হয়। ইয়াত মুখ্যতঃ গাভৰুসকলে আগভাগ লয়। এওঁলোকক 'কৰমতী' আখ্যা দিয়া হয়। এই পূজাৰ পাঁচ বা সাত দিন মানৰ পৰা ব্ৰতত থাকি ঢোল, তাল, বাঁহী আদি বজাই নৈবেদ্য সহকাৰে নৈৰ ঘাটলৈ গৈ, গা ধুই, আৰতি কৰি, লগত নিয়া নতুন পাচি এটাত সকলোৱে একো আজলিকৈ বালি ভৰাই তাতে কৰমতীসকলে নিয়া মাটিমাহ, বুতমাহ, মগুমাহ, ধান, বজৰা, সৰিয়হ আদি ব্যক্তিগতভাৱে চিন ৰাখি সকলোৱে সিঁচি দিয়ে। নিৰ্দিষ্ট পূজাৰ দিনলৈ মাহ-সৰিয়হ আদিয়ে গঁজালি মেলা অৱস্থাটোক জাৱা বোলা হয়। শুক্লা একাদশী তিথিত পৰম আৰাধ্য দেৱতাক স্মৰণ কৰি পূজা আৰম্ভ কৰা হয়। এই পূজাত মূলতঃ ধৰ্ম আৰু কৰ্মৰ জৰিয়তে মানৱ জীৱনৰ উৎকৰ্ষ সাধন কৰিবলৈ বিচৰা হয়।

পূজাৰ বিভিন্ন পৰ্যায়ত বিভিন্ন ধৰণৰ 'ঝুমুই গীত' আৰু নৃত্য পৰিৱেশন কৰা হয়।

কৰম পূজাত, বিশেষকৈ জাৱাত ঝুমুৰ বা ঝুমুই গীত-নৃত্যৰ বিশেষ ভূমিকা আছে। কৰম জাৱাৰ প্ৰথম দিনা কৰমতী বা নাৰীসকলক প্ৰাধান্য দি ঝুমুই গোৱা হয়:

কৰম কৰম কহলে আয়ো

কৰম কৈ-দি কৈসে আয়ো

শাওন ভাদ চইলে গেল ৰে

কুমাৰী ছড়ী কৰম গাড়েৰে।

ঝুমুই গীত আৰু নৃত্যৰ আৰম্ভণিত শ্ৰীহৰি, ঢোল, মাদল, ব্ৰজনাৰী আদিৰ উদ্দেশ্যে পৰম্পৰাগতভাৱে গীত-মাত পৰিৱেশন কৰা হয়। এই গীতবোৰত শ্ৰীকৃষ্ণৰ লীলা-খেলা আৰু ৰামায়ণ-মহাভাৰতৰ কাহিনী বৰ্ণোৱা হয়। প্ৰহৰ অনুসৰি ঝুমুই গীতৰ সুকীয়া বৈশিষ্ট্য থাকে। 'ৰেইসকা' সকলে এইবোৰক 'ঝিগা ফুলীয়া গীত', 'সোণাফুলীয়া গীত', গলবাৰীয়া গীত', 'ভিনচৰীয়া গীত' আদি নামেৰে নামকৰণ কৰে। কৰম পূজা হোৱাৰ আগে আগে বয়োজ্যেষ্ঠ এজনে এনেকৈ ঝুমু্‌ই আখৰা আৰম্ভ কৰে:

আখৰা বন্দনা কৰি

সৰস্বতী মা কে ধৰি

আখৰা বন্দনা কৰি

মদনে ঝুমুই লাগল ভাৰী।

পাছদিনা ৰাতিপুৱা 'ভিনচৰীয়া গীত' গাই আখৰা সমাপ্ত কৰা হয় আৰু কৰমতীসকলে সাতখন আঞ্জাৰে বাহীভাত খাই কৰম দেৱতেক নৈত উটুৱাই দিয়ে। এই মুহূৰ্তত বিষাদ মনেৰে ঝুমুইৰ গোৱা হয়:

দেহো দেহো কৰম গসাই

দেহো আশিসষে, দেহো আশিস

আৱত ভাদ মাস

আন ঘূৰাই।

শেষত ঝুমুই গীতেৰে কথা কটা-কটি কৰি ডেকা গাভৰুসকল ঘৰমুৱা হ্য় আৰু কৰম পূজাৰো সামৰণি পৰে।

আজি অসমৰ চাহ জনগোষ্ঠীৰ লোকসকলে বিভিন্ন প্ৰান্তত উলহ-মালহেৰে উদযাপন কৰিছে কৰম পূজা। কৃষিভিত্তিক এই কৰম পূজা চাহ বনুৱা সমাজৰ পূজা-পাৰ্বণসমূহৰ ভিতৰত আটাইতকৈ আড়ম্বৰপূৰ্ণ, উৎসাহ ভৰা আৰু গুৰুত্বপূৰ্ণ উৎসৱ বা পৰ্ব বুলি গণ্য কৰা হয়।

What's Your Reaction?

like

dislike

love

funny

angry

sad

wow

Bobita Dutta Journalist