গুটখা খোৱাৰ পৰিণতি কিমান ভয়ংকৰ হ'ব পাৰে !!
গুটখা স্বাস্থ্যৰ বাবে কিমান ক্ষতিকাৰক এই কথাটো নতুনকৈ কোৱাৰ কোনো প্ৰয়োজন নাই । ধপাতজাত সামগ্ৰীৰ ভিতৰত গুটখা অন্যতম বৰবিহ । গুটখা খোৱাৰ ফলত কিমান মানুহৰ দূৰাৰোগ্য ৰোগত ভুগি মৃত্যুবৰণ কৰিবলগা হৈছে ।
গুটখা স্বাস্থ্যৰ বাবে কিমান ক্ষতিকাৰক এই কথাটো নতুনকৈ কোৱাৰ কোনো প্ৰয়োজন নাই । ধপাতজাত সামগ্ৰীৰ ভিতৰত গুটখা অন্যতম বৰবিহ । গুটখা খোৱাৰ ফলত কিমান মানুহৰ দূৰাৰোগ্য ৰোগত ভুগি মৃত্যুবৰণ কৰিবলগা হৈছে । এই গুটখা বিশেষকৈ যুৱ প্ৰজন্মৰ মাজত অধিক জনপ্ৰিয় । ধপাতৰ আবৰত স্পষ্টকৈ ফটোৰ সৈতে বিধিসন্মত সতৰ্কবাণী লিখা থাকে (ধপাতৰ পৰা কেনচাৰ হয়) তথাপিতো যেন কোনো কানসাৰ নাই ধপাত সেৱনকাৰীৰ ।
গুটখা খাই মৃত্যুক আকোৱালি লৈছে এজন আৰক্ষী বিষয়াই । আৰক্ষী বিষয়াজন হৈছে কাছাৰৰ বিহাৰা আউট পোষ্টৰ ভাৰপ্ৰাপ্ত বিষয়া সুৰজিৎ ডেকা । জানিব পৰা মতে, গুটখা খোৱাৰ সময়ত আৰক্ষী বিষয়াজনৰ ডিঙিত গুটখাৰ টুকুৰা লাগি ধৰে যাৰ ফলত থানাৰ কোৱাৰ্টাৰৰ ৰূমতে অচেতন হৈ পৰে বিষয়াজন । জানিবপৰা মতে সুৰজিৎ ডেকাক বাৰে বাৰে ফোন কৰিও উত্তৰ নোপোৱাত তেওঁক বিচাৰি যোৱাত কোঠাৰ দোৱাৰ ভাঙি অচেতন অৱস্থাত উদ্ধাৰ কৰা হয়। ততাতৈয়াকৈ তেওঁক স্থানীয় চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় যদিও চিকিৎসকে মৃত ঘোষণা কৰে। ডেকাৰ মৃত্যুৰ কাৰণ কোনেও সঠিককৈ ক’ব পৰা নাই যদিও চিকিৎসকে মৰণোত্তৰ পৰীক্ষাৰ পিছতহে মৃত্যুৰ ৰহস্য পোহৰলৈ আহিব বুলি উল্লেখ কৰে । অন্যহাতে স্থানীয় সূত্ৰৰ পৰা জানিব পৰা মতে, গুটকাই ভাৰপ্ৰাপ্ত বিষয়াগৰাকীৰ প্ৰাণ কাঢ়ি নিছে । আৰক্ষী বিষয়া জনৰ ঘৰ ৰঙীয়াত বুলি জানিব পৰা গৈছে ।
What's Your Reaction?