আই পি এল(IPL) ২০২৫ খেলৰ পূৰ্বে গুৱাহাটীবাসীলৈ জৰুৰী খবৰ

বৰ্ষাপাৰাত অসম ক্ৰিকেট এছ'চিয়েচন (ACA) ষ্টেডিয়ামত অনুষ্ঠিত হ'বলগীয়া আগন্তুক ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (IPL) ২০২৫ ৰ খেলৰ পূৰ্বে গুৱাহাটীৰ আৰক্ষী উপায়ুক্তই এক ব্যাপক যান-বাহন ব্যৱস্থাপনা পৰিকল্পনা ঘোষণা কৰিছে।

Mar 25, 2025 - 23:11
Mar 25, 2025 - 23:30
 0  130
আই পি এল(IPL) ২০২৫ খেলৰ পূৰ্বে গুৱাহাটীবাসীলৈ জৰুৰী খবৰ

বৰ্ষাপাৰাত অসম ক্ৰিকেট এছ'চিয়েচন (ACA) ষ্টেডিয়ামত অনুষ্ঠিত হ'বলগীয়া আগন্তুক ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (IPL) ২০২৫ ৰ খেলৰ পূৰ্বে গুৱাহাটীৰ আৰক্ষী উপায়ুক্তই এক ব্যাপক যান-বাহন ব্যৱস্থাপনা পৰিকল্পনা ঘোষণা কৰিছে।

২৬ আৰু ৩০ মাৰ্চ গুৱাহাটীত অনুষ্ঠিত হ’ব আই পি এল(IPL)ৰ দুখনকৈ হাইভল্টেজ মেচ। ২৬ মাৰ্চত কলকাতা নাইট ৰাইডাৰ্চ আৰু ৰাজস্থান ৰয়েলছ, ৩০ মাৰ্চত ৰাজস্থান ৰয়েলছ আৰু চেন্নাই ছুপাৰ কিংছৰ মেচ। যাৰফলত গুৱাহাটীত যানবাহন চলাচলৰ বিশেষ নীতি প্ৰযোজ্য হ’ব।

অসম ক্ৰিকেট সন্থাৰ উপ-সভাপতি ৰাজদ্বীপ ওজা আৰু যানবাহন শাখাৰ ডি চি পি(DCP) জয়ন্ত সাৰথি বৰাই বৰ্ষাপাৰাত এক সংবাদমেলৰ সম্বোধন কৰে । সংবাদমেলত গুৱাহাটীৰ যানবাহন চলাচলৰ নীতি নিয়ম সন্দৰ্ভক লৈ গুৰুত্বপূৰ্ণ নিৰ্দেশনা প্ৰদান কৰে। 

লালগণেশ-চাইকেল ফেক্টৰীৰ মাজত উৰণসেতু নিৰ্মাণ হৈ থকা বাবে সালসলনি হ’ব যাতায়ত ব্যৱস্থা। ভিৰ হ্ৰাস কৰিবলৈ আৰু খেল চাবলৈ অহা দৰ্শক সকলৰ সুৰক্ষা প্ৰদান কৰাৰ বাবে আৰক্ষীয়ে দিনৰ ২ বজাৰ পৰা মাজনিশা ১বজালৈ মুখ্য পথ যেনে জিএছ ৰোড, বি.কে.কাকতি ৰোড, এ টি ৰোড, এ কে দেৱ ৰোড, ডঃ ভূপেন হাজৰিকা পথ, মৰা ভৰলু পথ, এফ এ ৰোড, এম জি ৰোড, আৰ কে চি ৰোড, বিৰুবাৰী-জিএমচিএইছ, কাহিলীপাৰা পথত সকলো বাণিজ্যিক বাহন চলাচলত বাধা প্ৰদান কৰিব।

এ কে আজাদ ৰোড ৱান ৱে(One Way Road) হ’ব। দিনৰ ৩ বজাৰ পিছত চাইকেল ফেক্টৰী দিশৰ পৰা লালগণেশ তিনিআলিলৈ যান বাহন চলাচল কৰিব নোৱাৰিব।

বিয়লি ৪.৩০ বজাৰ পিছত লালগণেশৰ পৰা বৰ্ষাপাৰালৈ পাছ (Pass) থকা বাহনহে চলাচল কৰিব পাৰিব। বৰ্ষাপাৰা তিনিআলি পৰা ধীৰেণপাৰালৈ যোৱা পথত বাহন চলাচল বন্ধ থাকিব। অৱশ্যে ষ্টেডিয়ামত পাৰ্কিং হৈ থকা বাহনসমূহ খেল শেষ হোৱাৰ পিছত দুয়োটা পথেৰে ওলাই যাব পাৰিব। অৱশ্যে জৰুৰীকালীন বাহন, স্কুল বাছ আৰু স্থানীয় বাসিন্দাসকলৰ বাবে এই নিষেধাজ্ঞা প্ৰয়োগ নহ'ব। 

ষ্টেডিয়ামৰ গেট বিয়লি ৪:৩০ বজাত খোলা হ'ব। খেলপ্ৰেমীসকল প্ৰৱেশ কৰা বাবে ৬ খ্ন গেটৰ ব্যৱস্থা কৰা হৈছে আৰু ১১ টাকৈ পাৰ্কিং ৰ ব্যৱস্থা কৰা হৈছে। মানি বেগ, মবাইলৰ বাহিৰে একো সামগ্ৰী ষ্টেডিয়ামলৈ নিব নোৱাৰিব। 

What's Your Reaction?

like

dislike

love

funny

angry

sad

wow

Nilabh Das Journalist