সম্পূৰ্ণৰূপে বন্ধ হ'ল 'থিয়েটাৰ ভাগ্যদেৱী'

অসমৰ অন্যতম পুৰণি ভ্ৰাম্যমাণ নাট্যদল ‘থিয়েটাৰ ভাগ্যদেৱী’ আৰু নাযায় ৰাইজৰ মাজলৈ। পূজা, ৰাস, নামঘৰ-মন্দিৰ নিৰ্মাণৰ বাবে নাইবা গাঁৱৰ কোনো ক্লাব-সংঘৰ সাহাযাৰ্থে আৰু আমন্ত্ৰণ কৰিব নোৱাৰিব ভাগ্যদেৱী থিয়েটাৰক ।

Jun 27, 2025 - 11:27
Jun 27, 2025 - 22:42
 0  94
সম্পূৰ্ণৰূপে বন্ধ হ'ল 'থিয়েটাৰ ভাগ্যদেৱী'

অসমৰ অন্যতম পুৰণি ভ্ৰাম্যমাণ নাট্যদল ‘থিয়েটাৰ ভাগ্যদেৱী’ আৰু নাযায় ৰাইজৰ মাজলৈ। পূজা, ৰাস, নামঘৰ-মন্দিৰ নিৰ্মাণৰ বাবে নাইবা গাঁৱৰ কোনো ক্লাব-সংঘৰ সাহাযাৰ্থে আৰু আমন্ত্ৰণ কৰিব নোৱাৰিব ভাগ্যদেৱী থিয়েটাৰক । ৫৭ বছৰে ৰাইজক নাট দেখুৱাই ‘থিয়েটাৰ ভাগ্যদেৱী’য়ে সামৰিলে মঞ্চ জগত। ৰাজ্যৰ চুকে কোনে ৫৭ টা বছৰে নাট পৰিৱেশন কৰি অহা 'থিয়েটাৰ ভাগ্যদেৱী' আৰ্থিক সংকটৰ বাবে সাময়িকভাৱে বন্ধ কৰিলে প্ৰযোজক সুবোধ মজুমদাৰে। অসমৰ প্ৰতিগৰাকী জনপ্ৰিয় অভিনেতা-অভিনেত্ৰীয়ে ভাগ্যদেৱীৰ মঞ্চত নাট পৰিৱেশন কৰি গৈছে ।

বিজু ফুকন, চম্পক শৰ্মা, প্ৰাণজিৎ দাস, যতীন বৰা, ৰবি শৰ্মা, ৰাজকুমাৰ, আকাশদ্বীপ, ৰাগ ঐনিতম,  প্ৰস্তুতি পৰাশৰ, আঙুৰলতা, গায়ত্ৰী মহন্ত, মিনাক্ষী নেওগকে ধৰি বহু জনপ্ৰিয় অভিনেতা-অভিনেত্ৰীৰ লগতে কলা-কুশলীয়ে ভাগ্যদেৱীৰ মঞ্চত নিজৰ অভিনয়ৰে ৰাইজৰ মন জয় কৰাইছিল।

প্ৰযোজক সুবোধ মজুমদাৰে উল্লেখ কৰা ম'তে নাট্যগোষ্ঠীটোৱে পূৰ্বতেও লোকচানৰ সন্মুখীন হৈছিল যদিও বিগত কেইবছৰৰ পৰা অধিক লোকচানৰ সন্মুখীন হৈ আহিছে । যাৰ ফলত এনে এটা সিদ্ধান্ত ল’বলৈ বাধ্য হৈছে । এই সিদ্ধান্তই ৰাজ্যৰ নাট্যপ্ৰেমী সকলৰ মাজত দুখৰ বাৰ্তা কঢ়িয়াই আনিছে ।

What's Your Reaction?

like

dislike

love

funny

angry

sad

wow

Nilabh Das Journalist