মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰামপুৰত পিএমএৱাই-জি অনুমোদন পত্ৰ বিতৰণ কৰে

Mar 20, 2025 - 13:31
Mar 21, 2025 - 13:46
 0  47
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰামপুৰত পিএমএৱাই-জি অনুমোদন পত্ৰ বিতৰণ কৰে

সামাজিক সুৰক্ষাৰ প্ৰতি ৰাজ্য চৰকাৰৰ প্ৰতিশ্ৰুতি শক্তিশালী কৰি আৰু সকলোৰে বাবে গৃহ নিৰ্মাণ নিশ্চিত কৰি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ১৯ মাৰ্চ অৰ্থাৎ বুধবাৰে পলাশবাৰীৰ ৰামপুৰত অনুষ্ঠিত এক কেন্দ্ৰীয় অনুষ্ঠানত প্ৰধানমন্ত্ৰী আৱাস যোজনা-গ্ৰামীণ (PMAY-G)ৰ অধীনত ৩,৮৮,৩৫৭খন অনুমোদন পত্ৰ বিতৰণৰ প্ৰক্ৰিয়া আৰম্ভ কৰে। এই পদক্ষেপৰ উদ্দেশ্য হৈছে পকী ঘৰ নিৰ্মাণৰ বাবে বিত্তীয় সাহায্য প্ৰদান কৰা লগতে গ্ৰাম্য জনসাধাৰণৰ জীৱন ধাৰণৰ মানদণ্ড উন্নত কৰা। পলাশবাৰীত বিতৰণৰ লগে লগে মুখ্যমন্ত্ৰীয়ে ৰাজ্যজুৰি হিতাধিকাৰীসকলক পিএমএৱাই-জি অনুমোদন পত্ৰ বিতৰণৰ কাৰ্যক্ৰম আৰম্ভ কৰে। উল্লেখযোগ্য যে হিতাধিকাৰীসকলৰ পকী ঘৰ নিৰ্মাণত সহায় কৰাৰ বাবে তেওঁলোকৰ বেংক একাউণ্টত প্ৰথম কিস্তি হিচাপে ৩৭,৫০০ টকাৰ অনুদান আগবঢ়াব। অনুস্থানটোত মুখ্যমন্ত্ৰীয়ে ভাষণ আগবঢ়াই কয় যে "আমি অনাগত দিনত ২৬ লাখ পিএমএৱাই ঘৰৰ লক্ষ্য সম্পূৰ্ণ কৰাৰ লক্ষ্য ৰাখিছো আৰু অসমৰ প্ৰতিজন দৰিদ্ৰ ব্যক্তিৰ নিজা পকী ঘৰ থকাটো নিশ্চিত কৰিবলৈ ১৫ লাখ অতিৰিক্ত ঘৰৰ ব্যৱস্থা কৰাৰ লক্ষ্য ৰাখিছো।

What's Your Reaction?

like

dislike

love

funny

angry

sad

wow

Nilabh Das Journalist