আহমেদাবাদত এয়াৰ ইণ্ডিয়াৰ বিমান দুৰ্ঘটনাগ্ৰস্ত

Jun 12, 2025 - 02:44
Jun 14, 2025 - 22:49
 0  67
আহমেদাবাদত এয়াৰ ইণ্ডিয়াৰ বিমান দুৰ্ঘটনাগ্ৰস্ত

গুজৰাটৰ আহমেদাবাদত এয়াৰ ইণ্ডিয়াৰ বিমান দুৰ্ঘটনাগ্ৰষ্ট হয়। বিমান বন্দৰৰ সমীপৰ মেঘানী নগৰত দুৰ্ঘটনাত পতিত হয় বিমানখন। বিমানখন আহমেদাবাদৰ পৰা ২৩ নং ৰানৱেৰ পৰা দুপৰীয়া ১:৩৯ বজাত উৰা মাৰে। অসামৰিক বিমান পৰিবহন সঞ্চালকালয়ে (ডিজিচিএ) উল্লেখ কৰা বিৱৰণ অনুসৰি উৰণৰ মাত্ৰ পাঁচ মিনিটৰ ভিতৰতে ই দুৰ্ঘটনাগ্ৰস্ত হয়। ১২ গৰাকী বিমানকৰ্মী সহ ২৪২ জন লোক আছিল বিমানখনত। উল্লেখযোগ্য যে বিমানখনে আহমেদাবাদৰ পৰা লণ্ডন অভিমুখে উৰা মাৰিছিল।

জানিব পৰা মতে বিমানখনৰ পিছফালৰ অংশটোৱে গছত খুন্দা মাৰে। ইয়াৰ পিছত অট্টালিকা এটাত বাগৰি পৰে বিমানখন। প্ৰাৰম্ভিক পৰ্যায়ত ১৫০ ৰো অধিক যাত্ৰী মৃত্যুৰ আশংকা কৰা হৈছে।

What's Your Reaction?

like

dislike

love

funny

angry

sad

wow

Nilabh Das Journalist